সঁচাকৈয়ে মহান মহাতাৰকা অমিতাভ বচ্চন:ঋণ পৰিশোধ কৰিলে বিহাৰৰ ২১০০ দৰিদ্ৰ কৃষকৰ

amit

সঁচাকৈয়ে সকলো দিশৰ পৰা এজন মহান ব্যক্তি মহাতাৰকা অমিতাভ বচ্চন।তাৰকাজনে শেহতীয়াকৈ বিহাৰৰ বেংকৰ ঋণগ্ৰস্ত ২১০০ গৰাকী দৰিদ্ৰ কৃষকৰ ঋণ পৰিশোধ কৰিলে।ইয়াৰ পূৰ্বে বচ্চনে বিগত বৰ্ষত উত্তৰ প্ৰদেশৰ প্ৰায় ১০০০ দৰিদ্ৰ কৃষকৰ ঋণ পৰিশোধ কৰিছিল।


অমিতাভৰ এই পদক্ষেপ মানৱতাৰ প্ৰতি মহান সেৱা হিচাপে চিহ্নিত হৈছে।উল্লেখ্য যে উত্তৰ প্ৰদেশ,বিহাৰকে ধৰি বহু ৰাজ্যত ১-৩ লাখ ঋণ পৰিশোধ কৰিব নোৱাৰি একাংশ কৃষকে আত্মহত্যা কৰি আহিছে।

Your Comments