আজি গধূলি অসম পাবহি শ্বহীদ চিআৰপিএফ পৰিদৰ্শক নিৰোদ শৰ্মাৰ নশ্বৰদেহ

cr

বুধবাৰে জম্মু-কাশ্মীৰৰ অন্তনাগৰ কেপি ৰোডত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হ'ল অসমৰ নলবাৰীৰ সন্তান চিআৰপিএফৰ পৰিদৰ্শক নিৰোদ শৰ্মা।দুগৰাকী কন্যা সন্তানৰ পিতৃ শৰ্মাৰ ঘৰ নলবাৰীৰ দহকাউনিয়াত।


১৫ জুনত নিৰোদ শৰ্মা ঘৰলৈ অহাৰ কথা আছিল যদিও অতি মৰ্মান্তিকভাৱে আজি তেওঁৰ মৃতদেহহে ঘৰলৈ ওভতি আহিব।বৃহস্পতিবাৰে গধূলি ৬-৪৫ বজাত শৰ্মাৰ নশ্বৰদেহ কঢ়িয়াই অনা বিমান বৰঝাৰৰ বিমান বন্দৰ পাবহি।তাৰ পিছত তেওঁৰ নশ্বৰদেহ নলবাৰী জিলাৰ বাসভৱনলৈ লৈ যোৱা হ'ব।অসমলৈ অনাৰ পূৰ্বে শ্ৰীনগৰত শ্বহীদ নিৰোদ শৰ্মালৈ আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব।


নিৰোদ শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Your Comments