আইআইটি,গুৱাহাটীৰ একবিংশ দীক্ষান্ত সমাৰোহ সম্পন্ন

ii

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে প্ৰযুক্তিবিদ্যা,ব্যৱসায়িক,উদ্যমিতা বিকাশৰ ক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ লগতে ৰাষ্ট্ৰ আৰু মানৱতাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব লাগিব।'নিষ্কাম কৰ্ম'ৰ পন্থাৰে মাতৃভূমি আৰু মানৱতাৰ প্ৰতি কৰ্তব্য পালন কৰিব লাগিব।বুধবাৰে উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,গুৱাহাটীৰ শিক্ষাৰ্থীৰ একবিংশ দীক্ষান্ত সমাৰোহৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ইছৰ'ৰ প্ৰাক্তন অধ্যক্ষ তথা কেন্দ্ৰীয় মহাকাশ মন্ত্ৰণালয়ৰ সন্মানীয় পৰামৰ্শদাতা ডঃ কে ৰাধাকৃষ্ণনে তেওঁৰ দীক্ষান্ত ভাষণত এইদৰে মন্তব্য  কৰে।মহাকাশ অভিযানত ইছৰ'ৰ সফলতাৰ বিষয়েও  বিস্তৃতভাৱে বাখ্যা কৰে মহাকাশ বিজ্ঞানীজনে।ভাৰতে নিজৰ কৃত্ৰিম উপগ্ৰহসমূহৰ জৰিয়তে মানৱ সমাজৰ উন্নয়নৰ বাবে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে।

99

ইয়াৰ পূৰ্বে দীক্ষান্ত সমাৰোহৰ আৰম্ভণিতে আইআইটি,গুৱাহাটীৰ সঞ্চালক গৌতম বিশ্বাসে প্ৰতিষ্ঠানখনৰ গৱেষণাকাৰ্য,শৈক্ষিক ক্ষেত্ৰৰ সফলতা,আন্তগাঁঠনি  সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে।ব'ৰ্ড অব গভৰ্নৰ্ছৰ অধ্যক্ষয়ো প্ৰতিষ্ঠানখনৰ শৈক্ষিক দিশ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে।এইবাৰ দীক্ষান্ত সমাৰোহত ১৩৫৪ গৰাকী শিক্ষাৰ্থীক স্নাতক,স্নাতকোত্তৰ উপাধী প্ৰদান কৰা হয়।ৰাষ্ট্ৰপতিৰ সোণৰ পদক লাভ কৰে কম্পিউটাৰ বিজ্ঞান আৰু অভিযন্ত্ৰণৰ বি টেকৰ ছাত্ৰ অনুপ আগৰৱালাই।ডঃ শংকৰ দয়াল শৰ্মা সোণৰ পদক লাভ কৰে ৰসায়ন বিজ্ঞানৰ বি টেকৰ ছাত্ৰ শৰৎ চন্দ্ৰ নেৰিয়ানুৰীয়ে।

44

Your Comments