ইংলেণ্ডত 'ভাৰত' চালে টীম ইণ্ডিয়াই:ছলমানৰ ধন্যবাদ জ্ঞাপন

pic

ছলমান খানৰ 'ভাৰত' ছবিখনে দেশ-বিদেশে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে।ছবিখন উপভোগ কৰাৰ লোভ সামৰিব নোৱাৰিলে ইংলেণ্ডত বিশ্বকাপ খেলি থকা ভাৰতীয় ক্ৰিকেট দলেও।নটিংহামত থকা ভাৰতীয় দলটোৰ মহেন্দ্ৰ সিং ধোনী,হাৰ্ডিক পাণ্ডিয়া,কেডাৰ জাধব,শিখৰ ধৱন,কে এল ৰাহুল আদিয়ে 'ভাৰত' ছবিখন উপভোগ কৰে।

sal
ছবিখন চাই ওলাই অহাৰ পিছত কেডাৰ জাধবে টুইট কৰি ছবি চোৱা খেলুৱৈসকলৰ ছবি শ্বেয়াৰ কৰে।টীম ইণ্ডিয়াই 'ভাৰত' চোৱাৰ বিষয়ে জানিবলৈ পাৰি ছলমান খানেও টুইট কৰি ধন্যবাদ জনায়।আগন্তুক খেলসমূহৰ বাবে ছলমানে দলটোক শুভেচ্ছা জনায়।সমগ্ৰ ভাৰত টীম ইণ্ডিয়াৰ সৈতে আছে বুলি ছুপাৰষ্টাৰগৰাকীয়ে উল্লেখ কৰে।

Your Comments