সোণাৰিত আলোচনা চক্ৰত অংশগ্ৰহণৰ চলেৰে উপ নিৰ্বাচনৰ কুচকাৱাজ চলালে প্ৰাৰ্থীত্ব প্ৰয়াসী দয়ানন্দ বৰগোহাইয়ে

SONARI

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

মেডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছোচিয়েচনৰ উদ্যোগত সোণাৰিত মঙ্গলবাৰে শিক্ষা বিষয়ক এখন আলোচনা চক্ৰত  অংশগ্ৰহণ কৰি আওপকীয়াকৈ উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰয়াসী দয়ানন্দ বৰগোহাই চলালে নিৰ্বাচনী কুচকাৱাজ। সোণাৰি মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব লগা সভাত  দয়ানন্দ বৰগোঁহাই উপস্থিত হোৱাৰ মাত্ৰকেই সোণাৰিৰ কেইবাজনো ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে একাংশ সংগঠনৰ নেতাই লগ ধৰে। গোহাঁইক লগ ধৰি অনাগত সোণাৰি সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হোৱা নোহোৱা সম্পৰ্কতো আলোচনাত মিলিত হয়। ইয়াৰ উপৰিও এটা আহোম সংগঠনৰ নেতৃত্বয়ো গোঁহাইক লগ ধৰি উপ নিৰ্বাচনৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। আহোম সংগঠনটোৰ নেতাৰ মতে গোহাঁই প্ৰাৰ্থীত্ব লাভ কৰা নিশ্চিত বুলিও চৰ্চা চলিছে সোণাৰিত। গোহাঁয়েও উপ নিৰ্বাচনত সোণাৰিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিলে নিৰ্বাচনত অৱতীৰ্ণ হম বুলি সাংবাদিকক কয়। ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা সদ্য নিযুক্ত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথৰ ওপৰত উঠা ছাত্ৰীক যৌন আতিসহ্যৰ বিষয়টোৰ ওপৰতো ন্যায়িক তদন্ত হোৱাটো কামনা কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।"অসমৰ শিক্ষা ব্যৱস্থা আৰু নৱ প্ৰজন্ম " এই বিষয়ত অনুষ্ঠিত বক্তৃতানুষ্ঠানটোৰ সঞ্চালনা কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমল চন্দ্ৰ গগৈয়ে।সোণাৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ ৰঞ্জন বৰুৱা, সোণাৰি কমাৰ্চ কলেজৰ অধ্যাপক লোহিত গগৈ, এলিট একাডেমিৰ পৰিচালন সঞ্চালক ধ্ৰুৱ বৰগোহাঁইৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকে।

Your Comments