'এএন-৩২'ৰ ভগ্নাৱশেষৰ মাজত বিমানযাত্ৰীৰ সন্ধান আৰম্ভ

aircraft

নিউজ ডেস্ক:
বায়ু সেনাৰ দুৰ্ঘটনাগ্ৰস্ত 'এএন-৩২' বিমানখনৰ ভগ্নাৱশেষৰ ছবি প্ৰকাশ কৰা হৈছে।লিপ' নামৰ এলেকাৰ ১৬ কিঃমিঃ উত্তৰত আৰু টাটো নামৰ ঠাইৰ উত্তৰ-পূবত সাগৰ পৃষ্ঠৰ পৰা ১২,০০০ ফুট উচ্চতাত পাহাৰীয়া ঘন জংঘলৰ মাজত বিমানখনৰ  ভগ্নাৱশেষ মঙলবাৰে হেলিকপ্টাৰৰ পৰা প্ৰত্যক্ষ কৰা হৈছিল।বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ অৰণ্যত জুই লাগিছিল বুলি ভবা হৈছে।


ভগ্নাৱশেষৰ ওচৰ চাপিবলৈ বুধবাৰৰ  পুৱাৰে পৰা বায়ু সেনাই অভিযান চলাই আছে।১৩ গৰাকী বিমানযাত্ৰীৰ সন্ধান উলিয়াবলৈ বায়ু সেনাই ঘন জংঘলৰ মাজলৈ বিশেষ 'গৰুড়' কমাণ্ডো প্ৰেৰণৰ সম্ভাৱনা আছে।

Your Comments