আন্ত:ৰাষ্ট্ৰীয় টাইকোৱানডোত ৩টা সোন ১ৰূপ আৰু ৩টা ব্ৰঞ্জৰে জিলিকি উঠিল বিশ্বনাথৰ "চেম্পিয়নছ মেকাৰ একাডেমী"

biswanath

ভাস্কৰ দাস, বিশ্বনাথ চাৰিআলি :

যোৱা ৪ জুনৰ পৰা ৭ জুন লৈ দিল্লীত  অনুষ্ঠিত হৈ যোৱা "কুকিয়ন কাপ" আন্ত :ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত বিশ্বনাথৰ "চেম্পিয়নচ মেকাৰ একাডেমীৰ" খেলুৱৈ সকলে লাভ কৰে ৩ সোন ১ ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক ।উল্লেখযোগ্য যে অসমৰ হৈ  প্ৰতিনিধিত্ব কৰা এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা খনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ "বিশ্বনাথ চেম্পিয়নচ মেকাৰ একাডেমী"কে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ১১ জনীয়া এটি টাইকোৱানডো  দলে অংশগ্ৰহন কৰিছিল ৷ গৌৰৱৰ বিষয় এই যে ১১ জনীয়া দলটিৰ ৭ জনেই পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ 

উল্লেখযোগ্য যে এই ১১ জনীয়া  খেলুৱৈ দলটোৰ প্ৰশিক্ষক হিচাপে আছিল বিশ্বনাথৰ চেম্পিয়ন মেকাৰ একাডেমী মুখ্য পৰিচালক তথা আন্ত:ৰাষ্ট্ৰীয় খ্যাতি  সম্পন্ন সমৰকলাবিদ  হৃদয়ানন্দ দাস ।প্ৰতিযোগিতা খনত পদক লাভ কৰা খেলুৱৈ সকল ক্ৰমে ভুমিস্হা দাস, বিসৱ নাৰ্জাৰী, মঞ্জিত কলিতা আৰু ভাস্কৰজ্যোতি শইকীয়াই সোণৰ পদক লাভ কৰাৰ ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে নিকি দাস,  কৌশিক ঘোষ আৰু সুৰজিৎ বৰুৱাই ৷ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা উক্ত দলটিক বিভিন্ন দল সংগঠনৰ লগতে বহু গন্য মান্য ব্যক্তিয়ে শুভেচ্ছা জ্ঞাপন কৰে ৷

Your Comments