চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটেত অংশগ্ৰহণ অসমৰ ১২জনীয়া দলৰ

karat

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা: 

আজিৰে পৰা চেন্নাইত আৰম্ভ হোৱা ছিনিয়'ৰ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত  ১২জনীয়া অসম দল এটি গৈ  অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। এই দলটিত আছে নৱজ্যোতি মেচ,প্ৰাচুৰ্য্য গগৈ,বধিন লিম্বু,হীৰক জ্যোতি পটংগীয়া,প্ৰিয়ানুজ বৰা,মহানন্দ দেউৰী,ৰামানুজ বৰা,সুদৰ্শন ৰয়,চাইনী সোনোৱাল,সীমা দেৱ নাথ,পূজাৰাণী বৰা,লক্ষী ৰয় চৌধুৰী,কৃশাঙ্গী লহকৰ দিপাঞ্জলী বৈষ্ণৱ আৰু স্পন্দিতা ৰায় । দলটিত মেনেজাৰৰূপে নিৰেন ফুকন,প্ৰশিক্ষকৰূপে খোকন দেৱ,নীলোৎপল গোস্বামী,সঞ্জয় কুমাৰ দত্ত আৰু জিতেন দত্ত কাৰিকৰী বিষয়াৰূপে আছে বুলি অসম কাৰাটে ড' সন্থা(আকাৰ)ৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। দলটিয়ে শুক্ৰবাৰেই গুৱাহাটীৰ পৰা চেন্নাই অভিমুখে ৰাওনা হৈছিল বুলি  অসম কাৰাটে ড' সন্থা (আকাৰ)ৰ উপ সভাপতি নিৰেন ফুকনে সংবাদ মাধ্যমক জনায়।

Your Comments