বিৰোধী দলৰ শীৰ্ষ নেতা নিৰ্বাচনী ফলাফলৰ প্ৰভাৱৰ পৰা এতিয়াও মুক্ত হ'ব পৰা নাই : প্ৰধানমন্ত্ৰী মোডী

modi

নিউজ ডেস্ক:
কেৰেলাৰ ৱায়ানাডত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ বাক্যৰে আক্ৰমণ কৰাৰ পিছত এতিয়া প্ৰধান মন্ত্ৰী মোডীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ কয় যে বিৰোধী দলৰ শীৰ্ষ নেতা এতিয়াও নিৰ্বাচনী ফলাফলৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰা নাই।এয়া তেওঁলোকৰ দুৰ্বলতা।


অন্ধ্ৰ প্ৰদেশ বিজেপিয়ে আয়োজন কৰা ধন্যবাদ সভাত মোডীয়ে আৰু কয়-'আমাৰ বাবে নিৰ্বাচনৰ অধ্যায় সমাপ্ত হৈছে।আমাৰ বাবে এতিয়া ১৩০ কোটি ভাৰতবাসীৰ সেৱাৰ অধ্যায় আৰম্ভ হৈছে।'

Your Comments