পশ্চিমবংগত ব্যাপক ৰাজনৈতিক হিংসা:৮ গৰাকী বিজেপি আৰু তৃণমূল কৰ্মীৰ মৃত্যু

wb

নিউজ ডেস্ক:
ৰাজনৈতিক হিংসাৰে অস্থিৰ পশ্চিমবংগৰ সমাজ জীৱন।৮ জুনত উত্তৰ ২৪ পৰগণাত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে বিজেপিৰ ৫ গৰাকী কৰ্মী আৰু বিজেপিৰ কৰ্মীয়ে তৃণমূলৰ ৩ গৰাকী কৰ্মীক হত্যা কৰাৰ দুয়োটা দলে পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল।


ইয়াৰ পিছতেই ৰাজ্যখনৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে।বিজেপি কর্মীক তৃণমূলে হত্যা কৰাৰ বিৰুদ্ধে বিজেপিয়ে সোমবাৰে ক'লা দিৱস পালন কৰিছে।১২ জুনত কলকাতাত এটা সমদল উলিয়াব দলটোৱে।১২ জুনতে বছিৰহাট বন্ধও ঘোষণা কৰিছে বিজেপিয়ে

Your Comments