বিশ্বকাপত জয় যাত্ৰা অব্যাহত টীম ইণ্ডিয়াৰ ,৩৬ ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া

team india

নিউজ ডেস্ক :

অভেলত অনুষ্ঠিত বিশ্ব কাপ ক্ৰিকেটৰ লীগ মেচৰ  দ্বিতীয়খন খেলত টিম ইণ্ডিয়াই ৩৬ ৰাণত পৰাস্ত কৰে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক। টচত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লোৱা ভাৰতীয় দলটোৱে দুই অপেনাৰ শিখৰ ধাৱনৰ ১১৭ ৰাণ আৰু ৰোহিত শৰ্মাৰ ৫৭ ৰাণৰ সহায়ত নিধাৰিত ৫০ অভাৰত পাঁচটা উইকেত হেৰুৱাই ৩৫২ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ দুই অপেনাৰ বাহিৰেও অধিনায়ক বিৰাট কৌহলীয়ে ৮২, হাৰ্ডিক পাণ্ডিয়াই ৪৮, মহেন্দ্ৰ সিং ধোনিয়ে ২৭ ৰাণ কৰে।ইয়াৰ উপৰিও কে এল ৰাহুল ১১ ৰাণ কৰি অপৰাজিত হৈ থাকে। অষ্ট্ৰেলিয়াৰ হৈ মাৰ্ক ষ্টুনিকে দুটা উইকেত লাভ কৰাৰ বিপৰীতে মিচেল ষ্টাৰক, পে'ট কামিন্সে লাভ কৰে এটাকৈ উইকেট।

team indiaপ্ৰত্যুত্তৰত ভাৰতৰ নিয়ন্ত্ৰিত বলিঙত নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়া দলটোৱে ৩১৬ ৰাণহে কৰিবলৈ সক্ষম হয়।  অষ্ট্ৰেলিয়াৰ হৈ অপেনাৰ ডেভিড ৱাৰ্নাৰ আৰু  ফিঞ্চে সুন্দৰ আৰম্ভণি কৰিছিল যদিও ব্যক্তিগত ৩৬ ৰাণত  ৰাণ আউত হয়  ফ্ৰিন্স।অষ্ট্ৰেলিয়াৰ হৈ ডেভিড ৱাৰ্নাৰে ৫৬,ষ্টিভ স্মিথে ৬৯,উষ্মান খাউজাই ৪২, গ্লেন মেক্সৱেলে ৩২, এলেক্স কেৰীয়ে ৫৪ৰাণ  সংগ্ৰহ কৰে। ভাৰতৰ হৈ যশপিত বুমৰাহ আৰু  ভুৱনেশ্বৰ কুমাৰে তিনিটাকৈ উইকেত লাভ কৰাৰ লগতে চহলে লাভ কৰে দুটাকৈ উইকেত। 

ইফালে বিশ্বকাপৰ এইয়া ভাৰতীয় দলটোৰ দ্বিতীয়খন খেল। আনহাতে অহা ১৩ জুনত নিউজিলেণ্ডৰ সৈতে দলটো মুখামুখী হ'ব।

Your Comments