ৱাইনাডৰ ৰোড শ্ব'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

rahul

শনিবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে তেওঁৰ লোকসভা সমষ্টি ৱাইনাডত ৰোড শ্ব' কৰে।ৰোড শ্ব'ত ৰাহুলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত তীক্ষ্ণ বাক্যবাণেৰে আক্ৰমণ চলায়।ৰাহুল গান্ধীয়ে কয় যে লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচাৰ মিথ্যাচাৰপূৰ্ণ,বিষাক্ত আৰু ঘৃণাৰে পূৰ্ণ আছিল।কিন্তু কংগ্ৰেছ সত্যবাদিতা-সততা আৰু স্নেহৰ সৈতে নিজৰ স্থিতিত অটল আছিল।

 

কংগ্ৰেছ সদস্যসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে মোডী আৰু তেওঁৰ মিথ্যাচাৰ তথা ঘৃণাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰেমৰ অস্ত্ৰৰে যুঁজ অব্যাহত ৰাখিব।

Your Comments