ৰাহুল গান্ধীয়ে খাটাংভাৱে কৈ দিছে-অধ্যক্ষ পদ এৰিমেই!

rahul

ৰাহুল গান্ধীয়ে তেওঁৰ কংগ্ৰেছ অধ্যক্ষ পদ ত্যাগ কৰাৰ সিদ্ধান্তত অটল হৈ আছে।উল্লেখ্য যে ৰাহুলে ইতিমধ্যে কংগ্ৰেছ কাৰ্যকৰী সমিতিক কৈ দিছে যে কংগ্ৰেছে নতুন এজন নেতাক অধ্যক্ষ পাতক।সেই অধ্যক্ষজন যাতে গান্ধী পৰিয়ালৰ নহয়,সেই দিশতো নজৰ দিয়ক।শনিবাৰে ৰাহুল গান্ধী কেৰেলাৰ ৱাইনাড সমষ্টি ভ্ৰমণ কৰিবলৈ গৈছে আৰু তাৰ পিছতে কংগ্ৰেছ কাৰ্যকৰী সমিতিয়ে অধ্যক্ষ পদ সন্দৰ্ভত কোনো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা।


চৰ্চা চলিছে যে কংগ্ৰেছে কাৰ্যকৰী  অধ্যক্ষ পদ সৃষ্টি কৰিব পাৰে অথবা নেতৃত্বৰ গোট গঠন কৰিবও পাৰে।কিন্তু,এটা কথা ঠিক যে ৰাহুল গান্ধীয়েই কংগ্ৰেছ অধ্যক্ষ হৈ থকাৰ সম্ভাৱনা হ্ৰাস পাই আহিছে।

Your Comments