নিউজ ডেস্ক:
বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা খেলত মহেন্দ্ৰ সিং ধোনীৰ গ্লোভছত সেনাৰ 'বলিদান বেজ' থকাক লৈ আইচিচিয়ে আপত্তি প্ৰদৰ্শন কৰিছিল।উল্লেখ্য যে ভাৰতীয় সেনাৰ এজন স্বীকৃতিপ্ৰাপ্ত পেৰাট্ৰুপাৰ হিচাপে লেফটেনেন্ট কৰ্ণেল ধোনীৰ তেওঁৰ গ্লোভছত সন্মানীয় 'বলিদান বেজ' লগোৱাৰ যোগ্যতা আছে।এতিয়া আইচিচিয়ে নীতি-নিয়মৰ দোহাই দি বিষয়টোত আপত্তি প্ৰদৰ্শন কৰাত দেশবাসী,ভাৰত চৰকাৰ,কংগ্ৰেছ দল,বিচিচিআই-সকলো ধোনীৰ সমৰ্থনত ঠিয় হৈছে।
ধোনীয়ে সেনাৰ বলিদান বেজ পৰিধান কৰাটো দেশৰ বাবে গৌৰৱৰ বিষয় বুলি দেশবাসীয়ে মন্তব্য কৰিছে।পৰৱৰ্তী খেলসমূহতো ধোনীয়ে একে ধৰণৰ গ্লোভছ পিন্ধাটো জনতাই আশা কৰিছে।
- Log in to post comments
- 13 views