নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
অহা ১০জুনৰ পৰা ১৩ জুনলৈ নতুন দিল্লীত কাই ছাব জুনিয়'ৰ আৰু ছিনিয়'ৰ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ইতিমধ্যে এই প্ৰতিযোগিতাখনিত যোগদানৰ বাবে উকাই ৰাজ্যৰ ৪৩ জনীয়া দলটিৰ নাম ঘোষণা কৰিছে । শুক্ৰবাৰে নতুন দিল্লী অভিমুখে দলটিয়ে যাত্ৰা আৰম্ভ কৰিছে । ৪৩জনীয়া অসম দলটিৰ সদস্যসকল হৈছে--ছাব জুনিয়'ৰ (ল'ৰা শাখাত)-- পলাশ ডেকা, তকশিল মজুমদাৰ,ঋষিৰাজ সোণোৱাল, লিটন ডেকা, ভাৰ্গৱ ৰঞ্জন দাস,অদভিক মজুমদাৰ,উমংগজ্যোতি ৰাজ,প্ৰিন্স দত্ত, হেম্ফু বংজাং, অবিনাশ দাস,মৃন্ময় দেওঘৰীয়া,গীত গুঞ্জন দাস আৰু ছাৰহান ৰছুল । ছাব জুনিয়ৰ (ছোৱালী শাখাত)--মৃগাক্ষী
দাস,নমস্তুতি গগৈ,দিয়া মেধি,মেহেক আমৰিণ,ৰেইনী ফুকন,পঞ্চীপ্ৰিয়া বৰুৱা,মুগ্ধা বৰুৱা,ফিয়ানা ৰহমান,পঞ্চীমিতা বৰদলৈ,
কস্তুৰীকা নাৰ্জাৰী, মৌচুমী নাথ,শ্বেতা হাজৰিকা,এনজিৰ উল্লাহ, দীখামণিবৰুৱা আৰু মেহেৰ আশ্ৰিন। ইপিনে ছিনিয়'ৰ (পুৰুষ শাখাত)--ৰাহুল আমিন,শৈলেন শৰ্মা,নিষাদ আলী, ভৃগু চহৰীয়া আৰু ইমদাদ আহমেদ । ছিনিয়'ৰ (মহিলা শাখাত)--ভাগ্যশ্ৰী শইকীয়া,ৰেংচাজিৰ কিলিংপি,চান্দনী জৈন,জোনমণি দাস,পূৰ্ণিমা বৰ্মন আৰু অন্বেষা কাশ্যপ । উল্লেখযোগ্য যে দলটিত প্ৰশিক্ষকৰূপে গণেশ দেৱ নাথ আৰু কল্যাণ কলিতা থাকিব বুলি উকাৰ সূত্ৰই জনাইছে ।
- Log in to post comments
- 22 views