দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন খেলত মহেন্দ্ৰ সিং ধোনীৰ গ্লোভছত প্ৰত্যক্ষ কৰা গৈছিল এটা বিশেষ চিহ্ন।এই বিশেষ চিহ্নটো হৈছে 'বলিদান বেজ'।
উল্লেখ্য যে ধোনী প্ৰাদেশিক সেনাৰ ১০৬ পেৰাছ্যুট ৰেজিমেণ্টৰ লেফটেনেন্ট কৰ্ণেল।ধোনী ২০১৫ চনৰ আগষ্ট মাহত প্ৰশিক্ষিত পেৰাট্ৰুপাৰ হৈ পৰিছিল।আগ্ৰাৰ পেৰাট্ৰুপাৰ্ছ প্ৰশিক্ষণ বিদ্যালয়ত ভাৰতীয় বায়ু সেনাৰ এ এন-৩২ বিমানৰ পৰা জঁপিওৱাৰ পিছত সন্মানীয় পেৰা ৱিংছ প্ৰতীক চিন্হ 'বলিদান বেজ' গ্লোভছ,টুপীত লগোৱাৰ অৰ্হতা অৰ্জন কৰে ক্ৰিকেটাৰজনে।
এম এছ ধোনীয়ে ১,২৫০ ফুট উচ্চতাৰ পৰা জঁপিয়াই মালপুৰা ড্ৰ'পিং জোনৰ কাষত সফলতাৰে অৱতৰণ কৰিছিল।পেৰাট্ৰুপাৰ হৈ 'বলিদান বেজ' পৰিধান কৰাৰ যোগ্যতা অৰ্জন কৰাটোৱে এম এছ ধোনীক নিশ্চিতভাৱ এজন বিশেষভাৱে সাহসী সৈনিক আৰু খেলুৱৈ হিচাপে প্ৰতিষ্ঠা দিছে।
- Log in to post comments
- 20 views