নিউজ ডেস্ক :
ৰোহিত শৰ্মাৰ অপৰাজিত শতকৰ সহায়েৰে আইচিচি বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন খেলত ৬ উইকেটত জয়ী হয় টীম ইণ্ডিয়া। টচত জয়ী হৈ প্ৰথমে বেট ধৰি প্রতিপক্ষ দক্ষিণ আফ্ৰিকাই কোহলী বাহিনীক জয়ৰ বাবে বান্ধি দিছিল ২২৮ ৰাণৰ লক্ষ্য। দক্ষিণ আফ্ৰিকাৰ হৈ ক্ৰিছ মৰিচে সৰ্বাধিক ৪২ ৰাণ কৰাৰ বিপৰীতে অধিনায়ক ফাফ ডু প্লেচিয়ে ৩৮ ৰাণৰ বৰঙণি আগবঢ়াই। দলটোৰ অন্যসকল বেটছমেন ৰাণ কৰাত ব্যৰ্থ হয়।ভাৰতীয় দলৰ হৈ স্পীনাৰ য়ুজবেন্দ্ৰ চহলে ৫১ ৰাণৰ বিনিময়ত লাভ কৰে চাৰিটা উইকেট।ইয়াৰ উপৰিও যশপ্ৰীত বুমৰাই, ভুৱনেশ্বৰ কুমাৰে লাভ কৰে দুটা উইকেট আৰু স্পীনাৰ কুলদীপ যাদৱে লাভ কৰে এটা উইকেট।
প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে আৰম্ভণিতে অপেনাৰ শিখৰ ধৱন আৰু অধিনায়ক বিৰাট কোহলিৰ উইকেট হেৰুৱাই বিপদত পৰিছিল । কিন্তু ৰোহিত শৰ্মাই অপৰাজিত ১২২ ৰাণৰ বৰঙণি আগবঢ়াই দলক বিজয়ৰ দিশলৈ লৈ আহে।ইয়াৰ উপৰিও ভাৰতীয় কে এল ৰাহুলে ২৬ ৰাণ, মহেন্দ্ৰ সিং ধোনীয়ে ৩৪ ৰাণৰ বৰঙণিৰ আগবঢ়াই। ইফালে ব্যক্তিগত স্কৰ ১৮ ৰাণ কৰি আউট হয় অধিনায়ক কোহলী।দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছো ৰাবাদাই লাভ কৰে দুটা উইকেট।
আনহাতে আজিৰ খেলখনত প্ৰথমবাৰৰ বাবে ধাৰাভাষ্যকাৰৰ ৰূপত দেখা গল মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰক।
- Log in to post comments
- 9 views