উৎকণ্ঠাৰ অন্ত : আজি বিশ্বকাপৰ প্ৰথমখন খেলত অংশ ল'ব টিম ইণ্ডিয়াই

team india

নিউজ ডেস্ক :
অৱশেষত দেশবাসীৰ উৎকণ্ঠাৰ অৱসান ঘটাই আইচিচি ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ আজি প্ৰথমখন খেলত অৱর্তীন হ'ব টীম ইণ্ডিয়া। শক্তিশালী প্ৰতিপক্ষ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলগীয়া আইচিচি বিশ্বকাপ ক্ৰিকেটৰ ২০১৯ৰ  আজিৰ এই প্ৰথমখন মেচক লৈ ইতিমধ্যে উৎকণ্ঠাৰে বাট চাই ৰৈছে দেশবাসী। বিৰাট কৌহলিৰ অধিনায়কত্বত গঠিত ভাৰতীয় দলটোৰ প্ৰায় সংখ্যক খেলুৱৈয়ে এইবাৰেই প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটত অংশগ্ৰহণ কৰিব।ভাৰতীয় সময় অনুসৰি বিয়লি তিনিবজাৰ পৰা ইংলেণ্ডৰ চাউথেম্পটনৰ ৰ'জ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আজিৰ খেলখন।উল্লেখ্য যে ২০১৯ বৰ্ষৰ বিশ্বকাপ টুৰ্ণামেণ্ট খনৰ দুখন খেলত ইতিমধ্যেই অৱৰ্তীন হৈছে দক্ষিণ আফ্ৰিকা। দুয়োখন খেলতেই কিন্তু দলটোৱে পৰাজয়ৰ মুখ দেখিব লগীয়া হৈছে। ইয়াৰ বিপৰীতে আজি প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব ভাৰতীয় দলটো।

আনহাতে প্ৰতিপক্ষ দক্ষিণ আফ্ৰিকাই পূৰ্বৰ দুয়োখন খেলত পৰাস্ত হলেও সহজভাৱে লোৱা নাই ভাৰতীয় দলটোৱে।কিয়নো বিশ্বকাপ ক্ৰিকেট ইতিহাসত দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে চাৰিখন মেচ ভাৰতৰ লগত মুখামুখী হৈছে।তাৰে তিনিখন মেচতে দক্ষিণ আফ্ৰিকা জয়ী হোৱাৰ বিপৰীতে ভাৰতীয় দলটোৱে জয়ী হৈছে মাত্ৰ এখন খেলত।

Your Comments