প্ৰাগ চিনে এৱাৰ্ড অনুষ্ঠানঃ শিল্পীৰ সমাহাৰ কলংপাৰৰ নেহৰুবালিত

prag

 নগাঁৱৰ পৰা ৱাহিদুদ জামানঃ
 নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত প্ৰাগ চেনেলৰ উদ্যোগত ১ জুনৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত প্ৰাগ চিনে এৱাৰ্ড অনুষ্ঠানৰ কালি নিশা সামৰণি পৰে। কেইবা হেজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী ৰুনু দেবীক জীৱন জোৰা সাধনা বঁটা ২০১৯ প্ৰদান কৰা হয়। অভিনেত্ৰী গৰাকীক এই বঁটা অনুষ্ঠানিকভাবে প্ৰদান কৰে ৰাজ্যৰ সংস্কৃতিক মন্ত্ৰী নব দলেই। বঁটা প্ৰদান অনুষ্ঠানত প্ৰাগ চেনেলৰ চি এম ডি সঞ্জীৱ নাৰায়ণ, প্ৰাগ চিনে এৱাৰ্ডৰ আদৰণি সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মা, বিধায়িকা আঙুৰলতা ডেকা,কণ্ঠ শিল্পী অংগৰাগ পাপন মহন্ত আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে । প্ৰাগ চিনে এৱাৰ্ডৰ এই বঁটা গ্ৰহণ কৰি দিয়া অতি চমু ভাষণত ৰুনু দেবীয়ে কয় - প্ৰাগ চিনে এৱাৰ্ডৰ এই বঁটা গ্ৰহণ কৰি মই আবেগিক হৈ পৰিছো | প্ৰাগ চেনেলৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় - নগাঁওবাসীৰ মৰম দেখি মই অভিভূত হৈ পৰিছোঁ। এই বটাঁ প্ৰদানে মোক সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি যোৱাত অধিক প্ৰেৰণা যোগাব। এই বঁটাত আছে মানপত্ৰ, স্মাৰক, জাপি, চেলেং গামোচাকে ধৰি কেইবাটাও উপহাৰ আৰু নগদ এক লাখ টকা। এই বটাঁ সঞ্জীৱ নাৰায়ণৰ মাতৃ ৰাণী নাৰায়ণৰ স্মৃতিত প্ৰদান কৰা হৈছে। আনহাতে,প্ৰাগ চিনে এৱাৰ্ড অনুষ্ঠানত আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন পৰিচালিকা ৰীমা দাসক প্ৰদান কৰা "গ্লৱেল আইকন বঁটা"ৰীমা দাসৰ হৈ তেওঁৰ মাতৃয়ে গ্ৰহণ কৰে |

ইপিনে,এই অনুষ্ঠানত প্ৰাইডইষ্ট এন্টাৰট্ৰেইডমেন্ট লিমিটেডৰ মূখ্য পৰিচালন সঞ্চালিকা ৰিনিকি ভূঞা শৰ্মা,বলিউডৰ মোহময়ী অভিনেত্রী মহিমা ছৌধুৰী,জনপ্ৰিয় অভিনেতা শ্ৰেয়াছ টলপাডেইৰ লগতে ছৱি জগতৰ বহু কেইগৰাকী বিশিষ্ট কলা কুশলী আৰু কেইবাগৰাকী বিশিষ্ট লোকক সম্বদ্ধৰ্না জনোবা হয় | অন্যহাতে এই বৰ্ষৰ ডালমীয়া ইয়ঙ ইষ্টাৰ এৰ্ৱাড বঁটা জনপ্ৰিয় কণ্ঠ শিল্পী নীল আকাশক প্ৰদান কৰাৰ লগতে আন ৩১ টা শিতানত বিভিন্ন  কলা-কুশলীক কেইবাটাও বঁটা প্ৰদান কৰা হয় | দুদিনৰ অনুষ্ঠানত পৃথকে পৃথকে অসমীয়া বোলছৱি জগতৰ প্ৰবীন অভিনেতা অভিনেত্রীসকল ক্ৰমে-মলয়া গোস্বামী,বিদ্যা ৰাও,নিপন গোস্বামী,দিনেশ দাস,চেতনা দাস,মৃদুলা বৰুৱা,তৌফিক ৰহমান,ৰাজেন শৰ্মা,পৰিচালক অৰূপ মান্না,জাহ্নু বৰুৱা,মঞ্জু বৰুৱা,পাৰ্থজিৎ বৰুৱা,সমাজকৰ্মী মুকুট ভূঞা,শিল্পী দিগেন মহন্তকে ধৰি কেইবাগৰাকীও শিল্পী,অভিনেতা,সমাজকৰ্মী আদিক অনুষ্ঠানত সম্বদ্ধৰ্না জনোবা হয় | তদুপৰি ১ জুনৰ নিশা নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বহু কেইগৰাকী কলা কুশলীকো সম্বৰ্দ্ধনা জনোবা হয় |

দুদিনৰ অনুষ্ঠানত নৃত্য গীত পৰিবেশন কৰা হয় | কণ্ঠ শিল্পী অংগৰাগ পাপন মহন্ত,দিক্ষু,জয় বৰুৱা,নিলুৎপল,অনিন্দিতা পাল,নীল আকাশ, আদিৰ উপৰি বলীউড,দাক্ষিনাত্য,পশ্চিমবংগ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ অভিনেতা,অভিনেত্রীৰ লগতে অসমীয়া ছৱি জগতৰ বহু ন-পুৰনি অভিনেতা অভিনেত্রীয়ে বিভিন্ন সাজসজ্জা প্ৰদৰ্শন কৰি অনুষ্ঠানত অংশ গ্ৰহণ কৰে |  এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে প্ৰাগ নিউজৰ কৰ্তৃপক্ষই নগাঁও বাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

 

Your Comments