'উজনিৰ দুজনী গাভৰু'কে ধৰি বহুকেইখন অসমীয়া ছবি সম্পাদনা কৰা মানস অধিকাৰীৰ মৃত্যু

adhikari

অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ বহুতো পৰিকল্পনা আধাতে এৰি অজান দেশলৈ গুচি গ'ল চলচ্চিত্ৰ সম্পাদক তথা কেইবাখনো অসমীয়া ধাৰাবাহিকৰ পৰিচালক মানস অধিকাৰী। 'বিদেশত আপোন মানুহ'ৰ নিচিনা জনপ্ৰিয় ধাৰাবাহিকৰ পৰিচালনা আৰু সম্পাদনাৰ সৈতে জড়িত মানস অধিকাৰীয়ে ভালেসংখ্যক অসমীয়া জনপ্ৰিয় বোলছবিত সম্পাদনা কৰিছিল। এইসমূহৰ ভিতৰত অন্যতম আছিল 'পিতা-পুত্ৰ', 'জোন জ্বলে কপালত','উজনিৰ দুজনী গাভৰু','প্ৰিয়া মিলন','জীৱন নদীৰ দুটি পাৰ','চুৰেন চোৰৰ পুতেক' আদি বহুকেইখন অসমীয় বোলছবি সম্পাদনা কৰিছিল। 

 

কঠোৰ পৰিশ্ৰমী তথা নম্ৰ মানস অধিকাৰীয়ে দেওবাৰে নাৰেংগীৰ নিজা বাসগৃহত আত্মহত্যা কৰি ইহলোকৰ পৰা বিদায় লয়। খবৰ অনুসৰি নিজ বাসগৃহত চলচ্চিত্ৰ সম্পাদকগৰাকীয় চিপ লৈ আত্মহত্যা কৰে  আনহাতে,শিল্পীগৰাকীয়ে কি কাৰণত আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে,সেয়া সন্দেহৰ আৱৰ্তত।ইফালে শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেওঁৰ বাসগৃহত উপস্থিত হয় অগণন গুণমুগ্ধ।

Your Comments