দেশৰ বিকাশৰ বাবে আমি সকলো একেলগ হৈ কাম কৰিম:শপত গ্ৰহণ কৰি মোডীৰ টুইট

modi

দেশৰ সপ্তদশ লোকসভাৰ নির্বাচনত বৃহৎ জয়ৰ পিছত বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোডীয়ে।দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত গাম্ভীয্যপূৰ্ণ বিশাল অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মোডীৰ সৈতে তেওঁৰ মন্ত্ৰীসভাৰ ৫৭ গৰাকী মন্ত্ৰীক শপত বাক্য পাঠ কৰোৱাই। উল্লেখ্য যে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই মোডীয়ে দেশবাসীক উদ্দেশ্য কৰি টুইটাৰত কয়-'দেশৰ বিকাশৰ বাবে সকলো একেলগ হৈ কাম কৰিম।এই টিমত পূৰ্বতে সুন্দৰকৈ কাম সম্পাদন কৰা বহুকেইজন সাংসদ আছে।নতুন টিমত যুৱশক্তি আৰু প্ৰশাসনিক অভিজ্ঞতা থকা বহুকেইজন ব্যক্তি আছে।দেশসেৱা কৰিবলৈ পায় মই গৌৰাম্বাণিত।'

Your Comments