জগত প্ৰকাশ নাড্ডা হ'ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ

jp

জগত প্ৰকাশ নাড্ডা অথবা জে পি নাড্ডা হ'ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ।হিমাচল প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সদস্য ৫৯ বছৰীয়া নাড্ডা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএৰ প্ৰথমখন চৰকাৰত স্বাস্থ্য মন্ত্ৰী আছিল।


সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত জে পি নাড্ডা উত্তৰ  প্ৰদেশৰ দায়িত্বত আছিল।নাড্ডাৰ সফল ৰণকৌশলৰ বাবে ৰাজ্যখনত বিজেপিয়ে মহাজোঁটবন্ধনৰ জাত-পাতৰ ৰাজনীতিক বিধস্ত কৰি ৬২ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল।অমিত শ্বাহে দ্বিতীয় এনডিএ চৰকাৰত মন্ত্ৰী পদ পোৱাটো নিশ্চিত হোৱাৰ পিছত নাড্ডাক অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Your Comments