![dalgaon](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-30%20at%209.36.08%20AM.jpeg?itok=o-JmFf3z)
দলগাওঁৰ প্ৰতিবেদক:
দৰঙৰ দলগাঁও ৰাজহ চক্ৰ এলেকাৰ,বাগিছা কাষ, ঘিলাধাৰী, নাওৰা ছিচা, বেছিমাৰী আদি গাঁৱত মঙ্গলবাৰে নিশা শিলা-বৃষ্টি আৰু প্ৰৱল ধুমুহাৰ ফলত ঘৰ-দুৱাৰ, খেতি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন হয়।
নিশাৰ ভাগত অহা উক্ত ধুমুহাত বহুতৰে ঘৰৰ টিন উৰুৱাই নি পথাৰৰ মাজত পেলায়।গছ-গছনি বাগৰি পৰাৰ ফলত অঞ্চলটোত বিদ্যুৎ সেৱাও বন্ধ হৈ পৰে।
- Log in to post comments
- 32 views