গোসাঁইগাঁৱত  এ কে - ৫৬ বন্দুক, পিষ্টল,গুলীসহ  এন ডি এফ বিৰ দুৰ্ধৰ্ষ সদস্য গ্ৰেপ্তাৰ 

gosaigaon

গোসাঁইগাঁৱৰ প্রতিবেদক :

গোসাঁইগাঁৱত এটা এ কে - ৫৬  বন্দুক, এটা পিষ্টল, বৃহৎ পৰিমাণৰ গুলি সহ এন ডি এফ বিৰ এজন দুৰ্ধৰ্ষ সদস্যক আটক কৰা হয়। সদস্যজন চৰাইবিল আৰক্ষী চকীৰ অক্সিগুৰি গাঁৱৰ ধৰ্মদাস নাজাৰীৰ পুত্ৰ ৰহিতন নাজাৰী (৩৩) বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে সদস্যজনক অধিক তথ্যৰ বাবে বৰ্তমানে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। প্ৰথম অৱস্থাত চলোৱা অভিযানত এন ডি এফ বিৰ সদস্য জনৰ পৰা আৰক্ষীয়ে এটা ৭'৬৫ পিষ্টল, মেগজিন আৰু ১৫ জাই সজীৱ গুলী উদ্ধাৰ কৰে যদিও পিছলৈ অধিক জেৰা চলোৱাত সদস্য জনৰ ঘৰত লুকুৱাই ৰখা অৱস্থাত এটা এ কে -৫৬  বন্দুক , মেগজিন আৰু ২১ জাই সজীৱ গুলী উদ্ধাৰ কৰে ।gosaigaon2

জানিব পৰা মতে সেনা, আৰক্ষী আৰু চি আৰ পি এফ যৌথ অভিযান চলাই আটক কৰে অক্সিগুৰি গাঁৱৰ পৰা আটক কৰিছিল সদস্য জনক।এই অভিযানৰ নেতৃত্ব দিছিল মহকুমা আৰক্ষী বিষয়া বিদ্যুৎ বিকাশ বৰা ভূঞাই । ধৃত সদস্য জনৰ  ককায়েকো এন ডি এফ বিৰেই চাৰজেন মেজৰ আছিল আৰু ২০১৭ চনৰ ডিচেম্বৰত আৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত নিহত হৈছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ৰহিতন নাৰ্জাৰী ২০১৭ চনত আৰক্ষীৰ হাতত এবাৰ ধৰাও পৰিছিল। পৰৱৰ্তী সময়ত জেলৰ পৰা ওলাই পুনৰ সশস্ত্ৰ সংগঠন এন ডি এফ বিত যোগদান কৰে। আজি সেনা আৰু  আৰক্ষীৰ বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই পুৱা নিজ ঘৰৰ পৰা সদস্য জনক আটক কৰিবলৈ সক্ষম হয় ।

Your Comments