![bgn](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-29%20at%2011.36.17%20PM.jpeg?itok=RSGa43RK)
বঙাইগাঁওঃ২৯ মেঃ
আজি পথ দুৰ্ঘটনাত মূৰত আঘাতপ্ৰাপ্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা গোলাঘাট জিলাৰ দৈগ্ৰোঙৰ সাংবাদিক অমূল্য দত্তৰ মৃত্যুত আপকুৰ বঙাইগাঁও জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ আপকুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক, গোলাঘাট জিলা সমিতিৰ জ্যেষ্ঠ সদস্য অমূল্য দত্তৰ অকাল বিয়োগত শোক প্ৰকাশ কৰি বঙাইগাঁও জিলা আপকুৰ সভাপতি ছোবাহান আলী, সম্পাদক প্ৰণৱ কুমাৰ ডেকা আৰু আপকুৰ প্ৰাক্তন সম্পাদক প্ৰধান কুঞ্জমোহন ৰায়ে এক শোক বাৰ্তাত কয় যে অমূল্য দত্তৰ বিয়োগে অাপকুই এগৰাকী আদৰ্শৱান সংগ্ৰামী সদস্যক হেৰুৱালে ৷ বঙাইগাওঁ জিলা আপকুৱে প্ৰয়াত অমূল্য দত্তৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷
- Log in to post comments
- 10 views