পাত্ৰপুখুৰী পাৰ হাইস্কুলৰ বিশেষ অভিনন্দন আৰু শৈক্ষিক আলোচনা সভা সম্পন্ন

baharghat

নৰেন শৰ্মা,বাহাৰঘাট,২৯ মে :

ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ পাত্ৰপুখুৰী পাৰ হাইস্কুলত যোৱা ২৮ মেত দিনৰ ভাগত এখনি বিশেষ অভিনন্দন আৰু শৈক্ষিক আলোচনা সভা অনুস্থিত হৈ যায়৷ বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভগবান চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুস্থিত সভাখনত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° নাজিমুদ্দিন আহমেদে মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত শিক্ষক সকলে কেনেধৰণে শিক্ষাদান কৰিলে প্ৰকৃততে তেওঁলোক উপকৃত হয় তাৰ ওপৰত সুন্দৰ পৰামৰ্শ আগবঢ়ায়৷ সভাত প্ৰাক্তন ছাত্ৰ তথা সমাজকৰ্মী শৰৎ কলিতা,দৌলপুখুৰী পাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৱনীকান্ত লহকৰ,পশ্চিম বড়িগোগ আঞ্চলিক জুনিয়ৰ কলেজৰ প্ৰবক্তা মাধৱ চন্দ্ৰ কলিতা,বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুবল চন্দ্ৰ পাঠক,পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ কলিতা,বিশিষ্ট লেখক সমালোচক ভূৱনেশ্বৰ লহকৰ আদিকৰি কেইবাজনো বিশিষ্ট লোকে চৰকাৰী শিক্ষানুস্থানৰ শিক্ষাৰ বিকাশ আৰু উত্তৰনৰ বিষয়ে তাৎপৰ্য পুৰ্ণ বক্তব্য ৰাখে৷ সভাত দুই বিদায়ী শিক্ষাৰ্থী ক্ৰমে তপন লহকৰ আৰু ৰাহুল লহকৰে সুন্দৰ বক্তব্যৰে সমাবেত সকলৰ দৃষ্টি আকৰ্ষণ কৰে৷ উক্ত সভাতে এইবেলি বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক প্ৰধান শিক্ষক নৃপেন দাস আৰু সহকাৰী প্ৰধান শিক্ষক মহেন্দ্ৰ শইকীয়াই সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷

Your Comments