কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব নগাঁও আৰু কাছাৰ কাগজ কল-এনচিএলএটিৰ ৰায়

paper mill

নিউজ ডেস্ক:
অৱশেষত অসমৰ বন্ধ হৈ থকা দুই কাগজ কলৰ কৰ্মচাৰীৰসকলৰ বাবে আহিল এটা সুখবৰ।
নগাঁও আৰু কাছাৰ কাগজ কল সন্দৰ্ভত নেচনেল কোম্পানী ল' এপিলেট ট্ৰিবিউনেলে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব অসমৰ নগাঁও আৰু কাছাৰ কাগজ কল।ইয়াৰ উপৰিও কাগজ কলৰ কৰ্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত নকৰিবৰ বাবে এই ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। কৰ্মচাৰীসকলক অতি সোনকালে কৰ্মত যোগদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ট্ৰিবিউনেলে।

paper mill2
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা কাগজ কল দুটা ভাৰত চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত নীলাম কৰিবলৈ বিচৰাৰ সময়তে যোৱা ২ মে'ত কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰ ইউনিয়নে কাষ চাপিছিল  'এনচিএলএটি'ৰ।
কৰ্মচাৰীৰসকলৰ সেই আবেদনৰ ভিত্তিতে এনচিএলএটিৰ তিনিজনীয়া বিচাৰপীঠ ক্ৰমে ন্যায়াধীশ এছ জে মুখোপাধ্যায়, এ আই এছ চিমা আৰু কান্থী নৰহৰিৰে গঠিত বিচাৰপীঠে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়।


ৰায়টোত উল্লেখ অনুযায়ী যদি কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডক কাগজ কল দুটা অৰ্পণ কৰে, তেন্তে তাৰ বিষয়া-কৰ্মচাৰীসকলক লৈহে হস্তান্তৰ কৰিব পাৰিব।

Your Comments