৩১ মে' ৰ পৰা বঙাইগাঁৱত অনুষ্ঠিত হ'ব ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং মুকলি চেম্পিয়নশ্বিপ 

bgn

বঙাইগাঁওঃ২৯ মেঃ

বঙাইগাঁও চহৰৰ নিকটৱৰ্তী মূলাগাঁৱত অহা ৩১ মে'ৰ পৰা ২ জুনলৈ তিনিদিনীয়া কৈ ষষ্ঠ ৰাজ্যিক কিক বক্সিং মুকলি চেম্পিয়নশ্বিপ - ২০১৯ অনুষ্ঠিত হ'ব ৷ অসম ৰাজ্যিক কিক বক্সিং এচোছিয়েচনৰ সহযোগত   অাৰু বঙাইগাঁও জিলা কিক বক্সিং এচোছিয়েচনৰ উদ্যোগত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে উদ্যোক্তাসকলে প্ৰস্তুতি পৰ্ব পূৰ্ণ গতিত অব্যাহত ৰাখিছে  ৷ ইপিনে বুধবাৰে আয়োজক সমিতিয়ে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত এক সংবাদমেল যোগে প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে ৷ আয়োজক বঙাইগাঁও জিলা কিক বক্সিং এচোছিয়েচনৰ সভাপতি প্ৰভাত বৈষ্ণৱ আৰু আদৰণী সমিতিৰ সভাপতি প্ৰমোদ চন্দ্ৰ ৰাভাই প্ৰকাশ কৰা মতে, এই ৰাজ্যিক কিক বক্সিং প্ৰতিযোগিতাত ৰাজ্যৰ ১৮ খন জিলাৰ ৩৫০ গৰাকী খেলুৱৈয়ে অংশ ল'ব ৷ কাৰিকৰী দিশত থাকিব ২৫ গৰাকী বিষয়া-কৰ্মী ৷ লগতে থাকিব এচোছিয়েচনৰ বিষয়ববীয়াসকল ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ৰে'ল যোগে অহা খেলুৱৈ সকলৰ বাবে আয়োজক সমিতিয়ে বঙাইগাঁও আৰু নিউ বঙাইগাঁও ৰেল জংচনৰ পৰা খেলুৱৈ সকলক অনা- নিয়াৰ ব্যৱস্থা কৰিব ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা খেলুৱৈসকলক মূলাগাঁও লাল বাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিযোগিতাৰ খেলসমূহ  মূলাগাঁও শিৱ মন্দিৰৰ প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে আয়োজক সমিতিয়ে যুগুত কৰি উলিয়াইছে কাৰ্যসূচী ৷ কাৰ্যসূচী অনুসৰি ৩১ মে'ৰ সন্ধিয়া প্ৰতিনিধি শিবিৰ মুকলি কৰিব বঙাইগাঁও জিলাৰ উপ-অাৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকাই ৷ দ্বিতীয়  দিনা পুৱা ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং চেম্পিয়নশ্বিপ উপলক্ষে অসম ৰাজ্যিক কিক বক্সিং এচোছিয়েচনৰ কাৰ্যকৰী সভাপতি কমলেশ্বৰ বৰুৱা, বঙাইগাঁও জিলা কিক বক্সিং এচোছিয়েচনৰ সভাপতি প্ৰভাত বৈষ্ণৱ আৰু আদৰণী সমতিৰ সভাপতি প্ৰমোদ চন্দ্ৰ ৰাভাই ৰাজ্যিক, জিলা আৰু আদৰণী সমিতিৰ পতাকা উত্তোলন কৰি  প্ৰতিযোগিতাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ৷ ছহিদ বেদীত  বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰিব মূলাগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী কুহিলা সৰকাৰ আৰু  বয়োজ্যেষ্ঠ নাগৰিক ৰুদ্ৰেশ্বৰ পাঠকে ৷ প্ৰতিযোগিতাস্থলীৰ ওচৰতে থকা বীণাপাণি সামূহিক কেন্দ্ৰত স্থাপিত প্ৰয়াত বিধায়ক মথুৰা মোহন সিংহৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে আৰু গছ পুলি ৰোপণ মুকলি কৰিব সমাজ কৰ্মী, চিকিৎসক ডাঃ ইতেশ বৰদলৈয়ে ৷

আয়োজক সমিতিয়ে প্ৰকাশ কৰামতে,  অসমৰ মূলাগাঁৱত অনুষ্ঠিত হ'বলগীয়া এই কিক বক্সিং চেম্পিয়নশ্বিপ প্ৰথম বাৰৰ বাবে ৰিঙত অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰিব বঙাইগাঁৱৰ জিলা উপায়ুক্ত আদিল খানে আৰু বন্তি প্ৰজ্বলন কৰিব বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় কুমাৰ সিংহই ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব স্থানীয বিধায়ক তথা ৰাজ্যৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ৷ উদ্ধোধনী অনুষ্ঠানত বঙাইগাঁও আৰু চিৰাং জিলা ক্ৰীড়া বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মাৱধ দত্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান উপস্থিত থাকিব ৷ দ্বিতীয় দিনা সন্ধিয়া বঁটা বিতৰণ অনুষ্ঠানৰ মাজতে আয়োজক সমিতিয়ে  প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰিব পশ্চিম অসম সংমণ্ডল আৰক্ষী উপ-মহাপৰিদৰ্শক ৰৌণাক আলী হাজৰিকাই ৷ প্ৰতিযোগিতত ৰাজ্যিক সমিতিৰ সভাপতি প্ৰশান্ত ভূঞাৰ লগতে  আন কেবাগৰাকীও অতিথি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে ৷  সংবাদ মেলত স্মৃতিগ্ৰন্থ উপ- সমিতিৰ উপদেষ্টা তথা বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড°  হিতেশ চন্দ্ৰ দাস, আদৰণী সমিতিৰ উপদেষ্টা তাৰ্জান খান, পৰিবহন উপ-সমিতিৰ আহ্বায়ক হৰিদেৱ ৰায় আদি উপস্থিত থাকে ৷ পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ খেলসমূহ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব ৷

Your Comments