গোলাঘাটত ৪ জন আনলা সদস্যক আটক

gola

গোলাঘাটৰ পৰা মিনাক্ষী ফুকন

 

গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত চলোৱা এটা অভিযানত গোলাঘাটৰ নুমলীগড় অঞ্চলৰ পুৰাবাংলাৰ পৰা চাৰিজন আনলা সদস্যক আটক কৰে।আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে এক সংবাদমেল যোগে সদৰি কৰে যে চাৰিজন ব্যৱসায়ীক অপহৰণৰ ব্লু-প্ৰিন্ট ৰচনা কৰাৰ উদ্দেশ্যেৰে পুৰাবাংলাৰ এডমন তপ্প'ৰ ঘৰত আশ্ৰয় লৈ থকা সদস্যকেইজনৰ উপস্থিতিৰ সম্ভেদ লাভ কৰিছিল।পিছলৈ অভিযান চলাই কেউজন সদস্যক আটক কৰিবলৈ সক্ষম হয়।

 

উক্ত চাৰিজনীয়া দলটোৰ পৰা আৰক্ষীয়ে ইতিমধ্যে দুটা .৩২  পিষ্টল ,১০ জাই সজীৱ গুলী আৰু ৩ টা ম'বাইল ফোনসহ এখন চিম কাৰ্ড জব্দ কৰে। ধৃত সদস্যকেইজন হৈছে কামিল দাং, ৰাজু ভূমিজ, চাইমন বাগ আৰু এডমন তপ্প'। বৰ্তমান আটাইকেইজনক সোধা-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Your Comments