বঙাইগাঁৱত চোৰাং কাঠ কঢ়িওৱা টাটা মোবাইল দুৰ্ঘটনাগ্ৰস্তঃ চালক নিহত

bgn3

বঙাইগাঁওঃ

মঙ্গলবাৰে পুৱতি নিশা বঙাইগাঁও জিলাৰ চাপৰাকাটা আৰু ৰাখালডুবিৰ মাজত চোৰাং কাঠ কঢ়িওৱা এখন টাটা মোবাইল পথ দুৰ্ঘটনাত পতিত হোৱাত বাহনখনৰ চালকজন নিহত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশাৰ ভাগত চিৰাং জিলাৰ বেংতল অঞ্চলৰ পৰা চোৰাং কাঠ ভৰ্তি নম্বৰহীন টাটা ডি আই গাড়ীখনে চিৰাং হৈ বঙাইগাঁও জিলাৰ মাজেৰে ৩১ নম্বৰ ৰাষ্ট্ৰী ঘাই পথেৰে  দ্ৰুত গতিত বৰপেটা জিলাৰ ফালে গৈ আছিল । ইয়াৰ মাজতে বন বিভাগৰ লোকে চোৰাং কাঠ থকাৰ সন্দেহ কৰি নাম্বাৰ প্লেট বিহীন গাড়ীখনৰ পিছ লয় যদিও দ্ৰতবেগী গাড়ীখনে বঙাইগাঁও জিলাৰ ৰাখালডুবি নোপোৱাৰ আগতে  চাপৰাকাটা সেনা শিবিৰৰ সন্মুখত নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনাত পতিত হয় । কাঠৰ গাড়ীখন পথৰ দাঁতিতে বাগৰি পৰে ৷ ফলত গাড়ীখনৰ চালক জন গুৰুতৰভাৱে আহত হয় ৷ গুৰুতৰভাৱে আহত গাড়ী চালক গিৰিণ বসুমতাৰীক আৰক্ষীয়ে নিশাই চাপাগুৰিস্থিত চেণ্ট আগাস্তিন হাস্পাতালত ভৰ্তি কৰে যদিও চালকজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৷ চিৰাঙৰ যান বাহন শাখাৰ আৰক্ষীয়ে প্ৰকাশ কৰামতে গাড়ীচালক মৃত গিৰিণ বসুমতাৰী(৩৮)ৰ ঘৰ চিৰাং জিলাৰ বেংতল উপ আৰক্ষী চকীৰ অন্তৰ্গত খুংগ্ৰীং শালবাৰীত ৷ পাছত পথ দুৰ্ঘটনাত মৃত চালকজনৰ মৃতদেহৰ  মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয় ৷ কাজলগাঁৱস্থিত জে এছ বি চিকিৎসালয়ত  মৃত দেহটো মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত মৃতদেহটো চিৰাং আৰক্ষীয়ে পৰিয়ালৰ লোকক চমজাই দিয়ে ৷ দুৰ্ঘটনাৰ সময়ত গাড়ীখনত কেইজন আৰোহী আছিল জানিব পৰা হোৱা নাই ৷ ঘটনাৰ পাছত বঙাইগাঁও বন বিভাগে দুৰ্ঘটনাগ্ৰস্ত কাঠ কঢ়িওৱা বাহনখনৰ চোৰাং কাঠসমূহ জব্দ কৰি বঙাইগাঁও বন ডিপোলৈ আনে ৷ জব্দ কৰা কাঠখিনি তিতাচপা কাঠ আছিল আৰু মূল্য লক্ষাধিক টকা হ'ব ৷ আনহাতে টাটা মোবাইল বাহনখন আৰক্ষীয়ে জব্দ কৰি আনে ৷

Your Comments