বঙাইগাঁও চহৰত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা ,ধনসহ ৰাইজৰ হাতত কৰায়ত্ত এজন 

bgn

বঙাইগাঁওঃ সাৱধান ৷ বঙাইগাঁও চহৰত এতিয়া পিয়াপি দি ফুৰিছে ধন লুটকাৰী দুৰ্বৃত্তৰ দল ৷ এই ধন লুটকাৰীৰ লক্ষ্য হৈছে বেংকৰ পৰা ধন উলিওৱাসকল ৷ ইতিমধ্যে বহু লোকে নিজৰ কষ্টৰে বেংকত সাচি ৰখা ধন উলিয়াই অানিবলৈ যাওতে হেৰুৱাবলগীয়া হৈছে ৷ মঙ্গলবাৰেও চহৰখনত দুপৰীয়াৰ ভাগতে দুটাকৈ ধন লুটৰ ঘটনা সংঘটিত হয় ৷ অৱশ্যে দুৰ্বৃত্তই এজন লোকৰ ধন লুট কৰি নিবলৈ সক্ষম হয় যদিও আন এজনৰ ধন লুট কৰি নিয়াৰ সময়তে ধন লুটৰ ঘটনাত জড়িত এজন যুৱকক ৰাইজে লুট কৰা ধনসহ কৰায়ত্ত কৰে ৷

জানিব পৰা মতে বঙাইগাঁও চহৰৰ ভাকাৰিভিটাৰ বাসিন্দা জগন্নাথ সাহা নামৰ পঁচপন্ন বছৰৰ উৰ্ধৰ লোকজনে বিনোদ হৰলালকা নামৰ ঠিকাদাৰ জনৰ ফাৰ্মৰ বাবে দুপৰীয়া বাৰ মান বজাত বঙাইগাঁও মায়াপুৰীস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা পাঁচ লাখ চাৰি হেজাৰ টকা উলিয়াই এখন কাপোৰৰ মোনাত ভৰাই বেংকৰ সন্মুখত ৰখা চাইকেলৰ হেন্দেলত লৈ চাইকেলৰ তলা খুলিবলৈ চেষ্টা কৰোতে চাইকেলখনৰ তলত কে'বাখনো দহ আৰু এশ টকীয়া নোট পেলাই দুৰ্বৃত্তই সাহাৰ টকা পৰিছে বুলি কয় ৷ লোকজনেও সঁচাকৈ টকা পৰা বুলি ভাৱি আগ পিচ নেভাৱি টকা বুটলিবলৈ লওতেই দুৰ্বৃত্তই চাইকেলৰ হেন্দেলত থকা টকাৰ বেগখন টান মাৰি লৈ উধাও হয় ৷ লগে লগে জগন্নাথ সাহাই চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে দুৰ্বৃত্তৰ পিছে পিছে খেদি যায় আৰু শিৱালী কমপ্লেক্সৰ সন্মুখত দুৰ্বৃত্তজনক কৰায়ত্ত কৰে ৷ লগতে লুট কৰা টকাও উদ্ধাৰ কৰে ৷

স্থানীয় ৰাইজে ধন লুটত জড়িত যুৱকজনক লপা- থপা দি পাছলৈ বঙাইগাঁও আৰক্ষীক গটাই দিয়ে ৷ উল্লেখ্য যে ধন লুটৰ ঘটনাটো সংঘটিত হোৱাৰ পিচতে বেংকৰ ওচৰত আৰু  মায়াপুৰী তিনি আলিত কৰ্তব্যৰত অৱস্থাত থকা চি আই এচ এফৰ জোৱানৰ লগতে যান - বাহন আৰক্ষী শাখাৰ দুই কনিষ্টবল নিলেশ্বৰ মেধি আৰু লগনদেও প্ৰসাদেও দুৰ্বৃত্তক খেদি যায় ৷ লগতে যান - বাহন আৰক্ষীয়ে বঙাইগাঁও থানাৰ আৰক্ষীকো খবৰ দিয়ে ৷ পিচত স্থানীয় ৰাইজৰ সহযোগত দুৰ্বৃত্তজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ দুৰ্বৃত্তজনৰ পৰা জগন্নাথ সাহাৰ পৰা লুট কৰা পাঁচ লাখ চাৰি হেজাৰ টকাই উদ্ধাৰ হয় ৷ পিচত আৰক্ষীয়ে দুৰ্বৃত্তজনক থানালৈ লৈ যায় ৷ আৰক্ষীয়ে  ৰাইজৰ সহযোগত ধৃত দুৰ্বৃত্তজন পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ ফাটাপুকুৰ অঞ্চলৰ ৰঞ্জন গোৱালাৰ পুত্ৰ অমৰ নাথ গোৱালা ( ১৯) বুলি জানিবলৈ দিয়ে ৷ লগতে পশ্চিম বংগৰ পৰা ৰে'লেৰে আহি এই দুস্কাৰ্য সংঘটিত কৰে বুলিও প্ৰকাশ কৰে ৷ ধৃত যুৱকজনে বঙাইগাঁৱত প্ৰথমবাৰ এই দুষ্কাৰ্যত জড়িত বুলি প্ৰকাশ কৰিছে যদিও পূৰ্বৰ পৰাই যুৱকজন ধন লুটত জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ধন লুটৰ ঘটনা সন্দৰ্ভত পিচত জগন্নাথ সাহাই বঙাইগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷

ইপিনে  এই ঘটনাৰ প্ৰায় এঘণ্টা পাছতে আন এক ধন লুটৰ ঘটনা সংঘটিত হয় ৷ এইবাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰতে থকা বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত সংঘটিত হয় এই ধন লুটৰ ঘটনা ৷ এখন স্কুটীৰ ডিকিৰ পৰা কোনো দুৰ্বৃত্তই ডেৰ লাখ টকা লুট কৰি নিয়ে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে বঙাইগাঁৱৰ বৰ্ষণগাঁও নিবাসী ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জীতেন্দ্ৰ চন্দ্ৰ সৰকাৰ নামৰ লোকজনে বঙাইগাঁও শাখা ভাৰতীয় ষ্টেট বেংকৰ নিজৰ একাউণ্টৰ পৰা এক লাখ পঞ্চাছ হাজাৰ টকা উলিয়াই এ এছ ১৯ কে ০৩২৬ নম্বৰৰ স্কুটীৰ ডিকিত মোনাসহ ভৰাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লত কাম থকাত কাৰ্যালয়টোলৈ আহে ৷ লোকজনে স্কুটীখন কাৰ্যালয় চৌহদত ৰাখি কাৰ্যালয়ৰ ভিতৰত সোমায় আৰু কিছু সময় পিচতে বাহিৰলৈ ওলাই আহে ৷ লোকজনে কাৰ্যালয়ৰ পৰা বাহিৰলৈ ওলাই আহি স্কুটীখনৰ ওচৰলৈ অহাত দেখে যে স্কুটীৰ ডিকি খোল খাই আছে ৷ দুৰ্বৃত্তই স্কুটীৰ ডিকিৰ তলা আন চাবি বা কিহবাৰে খুলি ডেৰ লাখ টকা লুট কৰি নিয়াৰ লগতে মাটিৰ নথি - পত্ৰও লৈ যায় ৷

পিচত ধন লুটৰ ঘটনা সন্দৰ্ভত জীতেন্দ্ৰ চন্দ্ৰ সৰকাৰে বঙাইগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে লোকজনক বেংকৰ পৰাই হয়তো কোনো দুৰ্বৃত্তই পিছ লৈছিল আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পিচতে সুযোগ বুজি ধনখিনি লুট কৰি নিয়ে ৷ আৰক্ষী-নিৰাপত্তৰক্ষীয়ে গিজগিজাই থকা বঙাইগাঁও চহৰত এঘন্টাৰ ভিতৰতে দুটাকৈ ধন লুটৰ ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে ৷

Your Comments