শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ডায়েৰীয়া প্ৰতিৰোধী পষেক আৰম্ভ

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ :

শিৱসাগৰ, ২৮ মে’ঃ  শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ২৮ মে'ৰ পৰা ৯ জুনলৈ ডায়েৰীয়া প্ৰতিৰোধ পষেকৰ আৰম্ভ হৈছে। শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা খেমকা মাতৃ সদনত মঙ্গলবাৰে অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত ডায়েৰীয়া প্ৰতিৰোধ পষেকৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এচ লক্ষ্মণনে। ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতিবছৰে ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু হয়। বিশেষকৈ শিশুসকল এই ৰোগত অধিক আক্ৰান্ত হয়। অপৰিচন্ন পৰিবেশ, অপৰিস্কাৰ খাদ্যভাস আদি বিভিন্ন কাৰণত হোৱা ডায়েৰীয়া ৰোগৰ বাবে শৰীৰত পানীৰ পৰিমাণ কমি যায়। এনে সময়ত উপযুক্ত চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে। ডায়েৰীয়া ৰোগৰ প্ৰাথমিক চিকিৎসা অ আৰ এচ আৰু জিংক বড়ি সেৱন। কেনে পৰিবেশ বাৰ্তাই ৰাখিলে ডায়েৰীয়া হোৱাৰ পৰা হাত সাৰিব পাৰি আৰু ডায়েৰীয়া হ’লে কি কি ব্যৱস্থা গ্ৰহণ  কৰিব লাগে সেই সকলো  ২৮ মে'ৰ পৰা ৯ জুন তাৰিখলৈকে স্বাস্থ্য কৰ্মীসকলে ৰাইজক অৱগত কৰিব। আনহাতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক এই সম্পৰ্কত বিশেষ জ্ঞান প্ৰদান কৰা হ'ব। kalyan

ডাৰেৰীয়ে প্ৰতিৰোধ পষেকৰ লগত সংগতি ৰাখি মঙ্গলবাৰে চহৰত এক সজাগতা ৰেলী বাহিৰ কৰা হয়। স্বাস্থ্য কৰ্মীৰ লগতে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই সজাগতা ৰেলীত ৰাইজক ডায়েৰীয়া প্ৰতিৰোধ কৰাৰ বাবে পালন কৰিবলগীয়া সতৰ্কতা সমুহৰ প্ৰতি সজাগ কৰে। 

উদ্ধোধনী এই অনুষ্ঠানৰ আঁত ধৰে ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে। অনুষ্ঠানত জিলা উপায়ুক্তৰ উপৰি শিৱসাগৰ যুটিয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰিপুন বৰপূজাৰী, স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত দিলীপ টেৰাং, স্বাস্থ্য বিষয়া ডাঃ অৰুন্ধতি বৰা হাজৰিকা, ডাঃ সৌৰভ গগৈ, ডাঃ মৃদুল দাসৰ লগতে বিদ্যালয় সমুহৰ পৰিদৰ্শক আব্দুল জেলিলে বক্তব্য আগবঢ়ায়।

Your Comments