মৰিগাঁওত আজিৰে পৰা পষেক যোৰা বিশ্ব পৰিবেশ দিৱস উদযাপন:মৰিগাঁও অসামৰিক চিকিৎসালয়ক ধূমপান আৰু পলিথিন মুক্ত অঞ্চল ঘোষণা 

marigaon

জিতুমনি নাথ,মৰিগাঁও,২৮ মে :

আগন্তক বিশ্ব পৰিবেশ দিৱস উপলক্ষে এণ্টি গ্লোৱেল ৱাৰ্মিং ছ'চাইটিয়ে আজিৰে পৰা পষেক যোৰা এক বিস্তৃত কাৰ্যসূচীৰ আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসন,অসম বিজ্ঞান সমিতি মৰিগাঁও শাখা,মৰিগাঁও লায়ন্স ক্লাৱ আৰু এণ্টি গ্লোৱেল ৱাৰ্মিং ছ'চাইটিৰ যৌথ উদ্যোগত আজি মৰিগাঁও অসামৰিক চিকিৎসালয়ত চাফাই অভিযানৰ এক কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই শুভাৰম্ভ কৰা চাফাই অভিযানটো পুৱা ৭ বজাৰ পৰা ৯ বজালৈ ৰূপায়ণ কৰা হয়।mrigaon

শিক্ষাবিদ নৰেন্দ্ৰনাথ কেওঁত,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,অৰূপ পাঠক,মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক এম ৰহমান,এণ্টি গ্লোৱেল ৱাৰ্মিং ছ'চাইটিৰ সভাপতি ড০ লীলাকান্ত বৰঠাকুৰ,সম্পাদক সত্যব্ৰত বৰঠাকুৰ,মৰিগাঁও লায়ন্স ক্লাৱৰ সভাপতি ডা০ তোলেশ্বৰ নাথ,সম্পাদক মাধব শৰ্মা,অসম বিজ্ঞান সমিতি মৰিগাঁও শাখাৰ সভাপতি ড০ বোধেশ্বৰ কলিতা,সম্পাদক নিৰোদ বৰা, ভূৰবন্ধা জিলা পৰিষদৰ সদস্য পবিত্ৰ বৰা, মৰিগাঁও সংবাদ মাধ্যম,চিকিৎসালয় কৰ্মচাৰী,ধূমপান নিয়ন্ত্ৰণ সমিতিকে আদি কৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। এই চাফাই অভিযানৰ মাজতেই মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ভিতৰ চ'ৰা আৰু বাহ্যিক অংশৰ অস্বাস্থ্যকৰ পৰিবেশ  পৰিদৰ্শন কৰি হতভম্ব হৈ পৰে।লগে লগে চিকিৎসালয় খনৰ অধীক্ষক এম ৰহমানক চিকিৎসালয় খনৰ বাহিৰে ভিতৰে সৃষ্টি হৈ থকা কৰ্দযময় আৰু অস্বাস্থ্যকৰ পৰিবেশ নিৰ্মূল কৰাত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

একে সময়তে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা দুখীয়া ৰোগী সকলক একাংশ  এম্বুলেন্সৰ ড্ৰাইভাৰে ধনৰ লোভত ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰাই ৰোগীক হাৰাশাস্তি কৰি অহা এম্বুলেন্স ড্ৰাইভাৰ সকলৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে চিকিৎসালয় খনৰ অধীক্ষক নিৰ্দেশ দিয়ে। তদুপৰি এই ঘটনাৰ লগত জড়িত দুজন এম্বুলেন্স ড্ৰাইভাৰক বৰ্তমান আৰক্ষীয়ে চিনাক্ত কৰি তেওঁলোকৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰিবলৈও চিকিৎসালয় খনৰ অধীক্ষকক কৰ্তৃত্ব প্ৰদান কৰে জিলাখনৰ দুই মূৰৰ্বী বিষয়াই। উল্লেখ্য যে চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ দুৰ্বল প্ৰশাসনীক ব্যৱস্থাৰ বাবে সৃষ্টি হোৱা সমস্যা,চিকিৎসালয় খনৰ কৰ্দযময় পৰিবেশ,দালালৰ দপদপনিকে আদিৰ সন্দৰ্ভত বিভিন্ন সময়ত মৰিগাঁও অসামৰিক চিকিৎসালয়ে বাতৰি শিৰোনামা দখল কৰি আহিছিল আৰু আজি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে পৰিদৰ্শন কৰি সকলো সত্যতা নিজে প্ৰত্যক্ষ কৰি এক প্ৰকাৰে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰোধে অগ্নি শৰ্মা হৈ পৰে। চিকিৎসালয় খনৰ এই চাফাই অভিযানতে ধূমপান নিয়ন্ত্ৰণ সমিতিৰ দায়িত্বত থকা জিলা বিষয়া জয়া বড়োৰে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ত ধূমপান আৰু পলিথিন মুক্ত অঞ্চল হিচাপে ঘোষণা কৰে। এই নিৰ্দেশ অমান্য কৰা সকলে দুশ টকাকৈ জৰিমনা ভৰিব লাগিব বুলি ঘোষনা কৰে।marigaon2

ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক উদ্ধোধন জিলা উপায়ুক্ত : মৰিগাঁও অসামৰিক চিকিৎসালয়ত আজি পুৱাই পৰা চলি থকা চাফাই অভিযানৰ মাজতেই জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ডায়েৰীয়া নিয়ন্ত্ৰণ পষেকৰ শিবিৰতো ফিটা কাটি দুটা শিশুক ডায়েৰীয়া ঔষধ সেৱন কৰাই উদ্ধোধন  কৰে।স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বাহৰুল ইছলামে আঁত ধৰা অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান ,চিকিৎসালয় খনৰ অধীক্ষক এম ৰহমান,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা,সযম্পাদক জিতুমনি নাথকে আদি কৰি স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে।marigaon6

এই অনুষ্ঠানৰ পাছতেই চিকিৎসালয় খনৰ সভাকক্ষত জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলৰ সৈতে এখন সভাত মিলিত হয় জিলা উপায়ুক্ত ঋতুৰাজ বৰা। অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,চিকিৎসালয় খনৰ অধীক্ষক এম ৰহমান,চিকিৎসালয় খনৰ চিকিৎসক,চিকিৎসাকৰ্মী আদিৰে অংশগ্ৰহণ কৰা সভাখন আঁত ধৰে জিলা মেলেৰীয়া বিষয়া গৰাকীয়ে।

Your Comments