নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ধন ব্যয়ত ব্যাপক অনিয়মৰ অভিযোগ

ngn

ৱাহিদুদ জামান,নগাঁও, ২৮ মে':

মধ্য অসমৰ চিকিৎসা সেৱাৰ অন্যতম চিকিৎসা সেৱা প্ৰতিষ্ঠান নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত বাৰ্ষিক আয়-ব্যয়ৰ ক্ষেত্ৰত  ব্যাপক বিসংগতি ঘটাৰ তথ্য পোহৰলৈ আহিছে। তথ্য জনাৰ অধিকাৰ আইন(আৰ টি আই)-২০০৫ৰ অধীনত আবেদন কৰি উপলব্ধ তথ্যৰ জৰিয়তে এই বৃহৎ বিসংগতি পোহৰলৈ আনিছে আৰ টি আই কৰ্মী ৱাহিদুদ জামানে।নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই যোগান ধৰা তথ্যত প্ৰকাশ পোৱা অনুসৰি, অসামৰিক চিকিৎসালয়খনে বিগত ২০১৪-২০১৫ বৰ্ষৰ পৰা ২০১৭-২০১৮ বৰ্ষৰ সময় ছোৱাৰ ভিতৰত বিভিন্ন উৎসৰ পৰা আহৰণ কৰা পূঁজিৰ পৰিমাণ আছিল এনে ধৰণৰ : - বৰ্হি বিভাগৰ(অ' পি ডি)পৰা ৩৬,২৪,০৭৫ টকা, আভ্যন্তৰীণ বিভাগৰ পৰা ৯,৬৬,৭৬০টকা, অস্ত্ৰোপচাৰ কক্ষৰ পৰা ১১,১৩,৪৪০টকা, কৰ্মচাৰীৰ কেন্টিনৰ পৰা ৬৬,৫১৫ টকা, আল্ট্ৰাচাউণ্ডৰ পৰা ৮,৩২,৬০০টকা, ই চি জি ৰ পৰা  ৪,৫৪,৬৮০টকা, জেনেৰেল লেৱৰটৰীৰ পৰা ২২,৪৫,৭৪৫ টকা, এক্সৰেৰ পৰা ১৩,৮৯,৪৫৫ টকা, পেয়িং কেবিনৰ পৰা ১১,৫৯,৮৬০টকা, জননী সুৰক্ষা যোজনাৰ পৰা ৩৩,৬৮,৩৩১টকা আৰু বেংকৰ সূদৰ পৰা ৬,১৬,৮৩৪টকা সহ সৰ্বমুঠ ১,৫৮,০১,২৯৫ টকা লাভ কৰিছিল।

 ইফালে চিকিৎসালয় খনে বৰ্হি বিভাগত ৰোগীৰ নাম পঞ্জীয়নৰ মাচুলৰ পৰা ২০১৪-২০১৫ বৰ্ষত ৮,৯০,১৫০টকা,২০১৫-২০১৬বৰ্ষত ৮,৫২,৯০৫টকা, ২০১৬-২০১৭বৰ্ষত ৬,৮৬,৯৩৫টকা আৰু ২০১৭-২০১৮বৰ্ষত ১১,৯৪,০৮৫টকা সংগ্ৰহ হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই আৰ টি আই তথ্যত প্ৰকাশ কৰিছে যদিও সেই ধনৰ পৰিমাণ আৰু অধিক হ'ব লাগিছিল বুলি একাংশ সচেতন লোকে কব খোজে।। ঠিক একেদৰে চিকিৎসালয় খনলৈ অহা ৰোগী অনুপাতে আভ্যন্তৰীণ কক্ষ আৰু অস্ত্ৰোপচাৰ কক্ষৰ পৰা সংগৃহীত ধনৰ পৰিমানো আৰু অধিক হ'ব লাগিছিল বুলিও একাংশ ৰাইজে অভিযোগ কৰে।চিকিৎসালয় খনৰ চৌহদৰ ভিতৰত থকা অত্যাধুনিক ষ্টাফ কেন্টিন খনৰ পৰা দৈনিক ৪-৫ হেজাৰ টকা আয় হয় যদিও ইয়াৰ পৰা  ২০১৪-২০১৫বৰ্ষত ১৩,২০০ টকা, ২০১৫-২০১৬বৰ্ষত ১৩,২০০টকা,২০১৬-২০১৭ বৰ্ষত মাত্ৰ ১২শ টকা আৰু ২০১৭-২০১৮বৰ্ষত ৩৬,৯১৫টকা সংগ্ৰহ হোৱা বুলি আৰ টি আই তথ্যত উল্লেখ কৰিছে। চিকিৎসালয় খনে দোকান ঘৰ ভাড়াৰ বাবতো প্ৰতিমাহে কমেও দুই লাখকৈ টকা আয় কৰি আহিছে যদিও চিকিৎসালয়ৰ কৰ্তৃপক্ষ‌ই আৰ টি আই কৰ্মী জনক সেই তথ্য যোগান নধৰিলে বুলিও অভিযোগ কৰে আবেদনকাৰীয়ে।


  আনহাতে অসামৰিক চিকিৎসালয় খনৰ বিভিন্ন উৎসৰ পৰা আয় সীমিত বুলি দেখুৱালেও ব্যয়ৰ ক্ষেত্ৰত কিন্তু এক প্ৰকাৰৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।চিকিৎসালয় খনৰ অধীক্ষক ডাঃ জে আহমেদে আৰ টি আই কৰ্মী জনক যোগান ধৰা তথ্যত উল্লেখ থকা মতে, চিকিৎসালয় খনৰ কৰ্তৃপক্ষই জেনেৰেটৰৰ বাবদ ২০১৪-২০১৫ বৰ্ষৰ পৰা ২০১৭-২০১৮ বৰ্ষ পৰ্যন্ত ১৭,৯৩,৪১০টকা, যান বাহনৰ তেলৰ বাবদ ২,৬৭,৭৩৬টকা, লেখন সামগ্ৰী যেনে কাগজ, কলম, পেঞ্চিল, চিয়াঁহী, লেফাফা আদিৰ বাবদ ৬,৪১,৮১০টকা, কম্পিউটাৰ পেপাৰ, টণাৰৰ বাবদ ৩,৬৮,০২৭টকা, বৈদ্যুতিক সামগ্ৰীৰ বাবদ ৭,৬০,০৮১টকা, মুদ্ৰণ সামগ্ৰীৰ বাবদ ৯,৩২,৬৮৫টকা, চিকিৎসালয়ৰ সামগ্ৰীৰ বাবদ ২২,৪০,৯১৬ টকা, লেৱৰটৰীৰ দৈনিক খৰছৰ বাবদ ৫১,৭৩,২২০টকা, হোমগাৰ্ড আৰু অন্যান্যৰ খৰচৰ বাবদ ৫৯,৩৪,১৪০টকা, অন্যান্য শিতানত ১২,৮৮,৯০৯টকা, অধীক্ষকৰ কৰ শিতানত ২,৬৭,২০৭টকা, পানী যোগান সামগ্ৰীৰ বাবদ ৮,৮৪,৩৩১টকা, এক্সৰে সামগ্ৰীৰ বাবদ  ২৩,৬৯,৮৪৮টকা, অক্সিজেনৰ বাবদ ৬,৪৫,৩৫৫টকা, লেৱৰটৰীৰ সামগ্ৰীৰ বাবদ ১১,০২,৭৩৫টকা, ঔষধ আৰু ডিচপভান চিৰিঞ্জৰ বাবদ ১,১৩,৩৭৭টকা, বাহন জেনেৰেটৰ মেৰামতিৰ বাবদ ১,১৩,৩৭৭টকা আৰু বায় ৱেষ্টমেনেজমেন্টৰ বাবদ ১৩,৫০,০০০ টকা সহ সৰ্বমুঠ ২,২৭,১১,২৮৯ টকা খৰছ হোৱা বুলি দেখুওৱা হৈছে।ngn2

ইফালে অসামৰিক চিকিৎসালয় খনৰ যি সমূহ শিতানত ধন বেছিকৈ খৰচ কৰা হোৱা বুলি দেখুওৱা হৈছে তাতেই সৰ্বাধিক দুৰ্ণীতি-অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।জেনেৰেটৰৰ ইন্ধনৰ নামত চাৰিটা বিত্তীয় বৰ্ষতে ১৭,৯৩,৪১০টকা, যান বাহনৰ বাবদ ২,৬৭,৭৩৬টকা, মুদ্ৰণ সামগ্ৰীৰ বাবদ ৯,৩২,৬৮৫ টকা, চিকিৎসালয়ৰ সামগ্ৰীৰ বাবদ ২২,৪০,৯১৬ টকা, পানী যোগান সামগ্ৰীৰ বাবদ ৮,৮৪,৩৩১ টকা খৰচ হোৱা দেখুওৱা হৈছে যদিও বাস্তৱ ক্ষেত্ৰত সেই পৰিমাণৰ ধন খৰচ হোৱা নাছিল বুলি চিকিৎসালয়ৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

আনহাতে, হোমগাৰ্ড সকলৰ দৰমহা সাধাৰণতে ৰাজ্য চৰকাৰে আদায় দিয়ে যদিও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসালয়খনত নিয়োজিত হোমগাৰ্ডৰ খৰচৰ বাবদ  ২০১৪-২০১৫বৰ্ষত ১৯,৭৪,৯০০ টকা,২০১৫-২০১৬বৰ্ষত ২২,৫৫,১৩৩ টকা,২০১৬-২০১৭বৰ্ষত ১২,৩২,৪৫০টকা আৰু ২০১৭-২০১৮ বৰ্ষত ৪,৭১,৬৬৭ টকা সহ সৰ্বমুঠ ৫৯,৩৪,১৪০ টকা খৰচ হোৱা বুলি দেখুওৱাটোও সৰ্বসাধাৰণৰ বাবে এক নুবুজা সাঁথৰ হৈ ৰৈছে। ইয়াৰ বিপৰীতে ৰোগীৰ বাবে অতি প্ৰয়োজন হোৱা অক্সিজেনৰ ক্ষেত্ৰত খৰচ কৰে মাত্ৰ ৬,৪৫,৩৫৫টকা। লগতে ঔষধ আৰু ডিচপভান চিৰিঞ্জ ক্ৰয় কৰাৰ বাবদ খৰচ কৰা দেখুৱাইছে মাত্ৰ ১,১৩,৩৭৭টকা। অথচ চিকিৎসালয় খনলৈ অহা ৰোগীয়ে প্ৰায় প্ৰতিবিধ দৰৱ, চিৰিঞ্জ পৰ্যন্ত নিজে কিনিব লগা হোৱাৰ অভিযোগ উঠিছে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই প্ৰতিটো বিত্তীয় বৰ্ষতে বিভিন্ন শিতানত ব্যয় কৰা ধনৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে নগাঁৱৰ সচেতন ৰাইজে।

Your Comments