অৱশেষত ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিল কৰিলে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মনোনয়নপত্ৰ দাখিলৰ সময়ত সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,অগপ সভাপতি অতুল বৰা,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অগপ-বিজেপিৰ কেইবাগৰাকী বিধায়কে।
উল্লেখ্য যে অহা ৭ জুনত অনুষ্ঠিত হ'ব লগা ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে আজি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন আছিল।কিন্তু গুৰুত্বপূৰ্ণ কথা এই যে বিজেপি-অগপ প্ৰাৰ্থী দুগৰাকীৰ বাহিৰে ৰাজ্যসভাৰ আসন দুখনৰ বাবে বিৰোধীয়ে অন্তিম দিনৰ দিনাও প্ৰদান নকৰিলে মনোনয়নপত্ৰ।ফলত বিনা প্ৰতিদ্বন্দিতাৰে অগপ আৰু বিজেপি প্ৰাৰ্থী দুগৰাকী ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাটো নিশ্চিত হ'ল
- Log in to post comments
- 48 views