১০ খন দেশৰ অংশগ্ৰহণেৰে ৩০ মে'ৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ

cup

আজিজুৰ ৰহমান হাজৰিকা

 

৩০ মে’ৰ পৰা আৰম্ভ হ’ব আইচিচি বিশ্বকাপ ক্ৰিকেটৰ দ্বাদশ সংস্কৰণ৷ এইবাৰৰ বিশ্বকাপ ক্ৰিকেটৰ আয়োজক ইংলেণ্ড আৰু ৱেলছ৷ ৩০ মে'ৰ পৰা আৰম্ভ হ'বলগীয়া ক্ৰিকেটৰ এই মেগা ইভেণ্ট ১৪ জুলাইলৈ চলিব৷ এই নিবন্ধত বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ বিষয়ে কিছু কথা উল্লেখ কৰা হ'ল৷

cr

২০০৬ চনৰ এপ্ৰিল মাহত ইংলেণ্ড আৰু ৱেলছক বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ আয়োজক স্বত্ত প্ৰদান কৰা হয়৷ উল্লেখ্য যে ২০১৫ৰ আইচিচি ক্ৰিকেট বিশ্বকাপ আয়োজনৰ বাবে ইংলেণ্ড আৰু ৱেলছে নিবিদা প্ৰদান কৰিছিল৷ কিন্তু এই নিবিদা তেওঁলোকে প্ৰত্যাহাৰ কৰাত ২০১৫ৰ বিশ্বকাপ ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডত অনুষ্ঠিত হয় আৰু ২০১৯ৰ বিশ্বকাপ ক্ৰিকেট আয়োজক হিচাপে ইংলেণ্ড আৰু ৱেলছক আইচিচিয়ে দায়িত্ব প্ৰদান কৰে৷ 
৩০ মে'ত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব অ'ভেলত আৰু চূড়ান্ত খেলখন অহা ১৪ জুলাইত অনুষ্ঠিত হ'ব 'ক্ৰিকেটৰ মক্কা'ৰূপে খ্যাত 'লৰ্ডছ'ত৷ উল্লেখ্য যে এইবাৰকে ধৰি পঞ্চমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেট ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হৈছে৷ ইয়াৰ পূৰ্বে ১৯৭৫, ১৯৭৯, ১৯৮৩ আৰু ১৯৯৯ৰ বিশ্বকাপ ক্ৰিকেট ইংলেণ্ড আৰু ৱেলছৰ যুটীয়া আতিথ্যত অনুষ্ঠিত হৈছিল৷

এইবাৰৰ বিশ্বকাপ টুৰ্ণামেণ্ট ৰাউণ্ড ৰবীন লীগ পদ্ধতিৰে ১০টা দলৰ মাজত অনুষ্ঠিত হ'ব৷ প্ৰতিটো দলেই প্ৰত্যেকৰে বিপক্ষে এখনকৈ খেলত অংশগ্ৰহণ কৰিব লাগিব৷ অৰ্থাৎ লীগ পৰ্যায়ত প্ৰতিটো দলেই ৯খনকৈ খেলত অংশগ্ৰহণ কৰিব লাগিব৷ এই লীগ পৰ্যায়ৰ শীৰ্ষ ৪টা দল ছেমি ফাইনেললৈ উন্নীত হ'ব৷
আনহাতে, প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত অংশগ্ৰহণ কৰা আটাইকেইটা দল অবিহনেই দ্বাদশ বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হ'ব৷ উল্লেখ্য যে ২০১৭ চনৰ জুন মাহত আয়াৰলেণ্ড আৰু আফগানিস্তানক টেষ্ট ক্ৰিকেটৰ দলৰ মৰ্যাদা প্ৰদান কৰাৰ পিছত বিশ্বৰ টেষ্ট ক্ৰিকেট খেলা দলৰ সংখ্যা ১২টা লৈ বৃদ্ধি পাইছিল৷ কিন্তু এইবাৰ ১২টাৰ বিপৰীতে ১০টা দলক লৈ বিশ্বকাপ ক্ৰিকেটৰ আয়োজন প্ৰসংগত ইতিমধ্যে সমালোচনাৰ সৃষ্টি হৈছে৷ লগতে টেষ্ট ক্ৰিকেটত অংশগ্ৰহণ কৰা সকলো দল অবিহনে খেলা এইখন বিশ্বকাপেই হ'ব প্ৰথম বিশ্বকাপ ক্ৰিকেট৷ 

যোগ্যতা :
২০১১ আৰু ২০১৪ৰ বিশ্বকাপ ক্ৰিকেটৰ ১৪টা দলৰ অংশগ্ৰহণৰ বিপৰীতে এইবাৰৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছে ১০টা দলে৷ আয়োজক হিচাপে ইংলেণ্ড আৰু ২০১৭ৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত আইচিচি এদিনীয়া আন্তৰাষ্ট্ৰীয় ৰেংকিঙত শীৰ্ষ ৭টা দলে পোনপটীয়াভাৱে বিশ্বকাপত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰে৷ বাকী ২টা দলক ২০১৮ৰ বিশ্বকাপ কোৱালিফায়াৰৰ জৰিয়তে নিৰ্বাচন কৰা হয়৷ 
যোগ্যতা গাঁথনি সম্পৰ্কে ঘোষণা কৰাৰ সময়ত আইচিচিৰ সহযোগী আৰু স্বীকৃতিপ্ৰাপ্ত সদস্যসকল, যিসকলে বিগত ২খন বিশ্বকাপৰ ৪টা স্থানত অংশগ্ৰহণ কৰিছিল তেওঁলোকক ২টা দল হিচাপেহে এইবাৰ গ্ৰহণ কৰা হয়৷ অৰ্থাৎ টেষ্ট খেলা ১২খন দেশৰ ভিতৰত কমেও ২খন দেশে যোগ্যতা নিৰ্ণয়কাৰী টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব লাগিব বুলি আইচিচিয়ে ঘোষণা কৰে৷ 
শেহতীয়া সফলতাৰ ওপৰত ভিত্তি কৰি আয়াৰলেণ্ড আৰু আফগানিস্তানক আইচিচি এদিনীয়া চেম্পিয়নশ্বিপৰ বাবে উন্নীত কৰা হয় আৰু আইচিচিৰ নতুন টেষ্ট ক্ৰিকেট খেলা দেশ হিচাপে স্বীকৃতি প্ৰদান কৰি আইচিচিৰ সম্পূৰ্ণ সদস্য পদ প্ৰদান কৰা হয়৷ আনহাতে, কোৱালিফায়িঙৰ জৰিয়তে ৱেষ্ট ইণ্ডিজ আৰু আফগানিস্তানে বিশ্বকাপত অংশগ্ৰহণৰ সুবিধা লাভ কৰে৷
কোৱালিফায়িং টুৰ্ণামেণ্টৰ ফাইনেলত আফগানিস্তানে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে৷ দুয়োটা দলেই বিশ্বকাপ ক্ৰিকেট-২০১৯লৈ যোগ্যতা অৰ্জন কৰে৷ আনহাতে, কোৱালিফায়িং টুৰ্ণামেণ্টৰ আয়োজক জিম্বাব'ৱে ফাইনেলত প্ৰৱেশত ব্যৰ্থ হয় আৰু ১৯৮৩ চনৰ পৰা প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলাৰ পৰা বিৰত হ'বলগা হয়৷ শেহতীয়াভাৱে আইচিচিৰ সম্পূৰ্ণ সদস্য পদ লাভ কৰা আয়াৰলেণ্ডেও ২০০৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটত অংশগ্ৰহণত বিফল হয়৷ 

স্থানসমূহ : 
২০১৮ চনৰ ২৬ এপ্ৰিলত আইচিচিৰ এক বৈঠকত এইবাৰৰ বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হ'বলগীয়া ঠাইসমূহ চূড়ান্ত কৰা হয়৷ সেই অনুযায়ী বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হ'বলগীয়া চহৰ আৰু ষ্টেডিয়ামসমূহৰ নাম তলত উল্লেখ কৰা হ'ল-
(১) চহৰ : বাৰ্মিংহাৰ্ম, খেলপথাৰ : এজবেষ্টন, দৰ্শকৰ সামৰ্থ্য : ২৫,০০০, মুঠ মেচ : ছেমি ফাইনেলকে ধৰি ৫খন৷
(২) চহৰ : ব্ৰিষ্টল, খেলপথাৰ : ব্ৰিষ্টল কাউণ্ট্ৰী গ্ৰাউণ্ড, দৰ্শকৰ সামৰ্থ্য : ১৭,৫০০, মুঠ মেচ : ৩খন৷
(৩) চহৰ : কাৰ্ডিফ, খেলপথাৰ : ছ'ফিয়া গাৰ্ডেন, দৰ্শকৰ সামৰ্থ্য : ১৫,৬৪৩, মুঠ মেচ : ৪খন৷  
(৪) চহৰ : লীডছ, খেলপথাৰ : হেডিংলী, দৰ্শকৰ সামৰ্থ্য : ১৮,৩৫০, মুঠ মেচ : ৪খন৷
(৫) চহৰ : লণ্ডন, খেলপথাৰ : দ্যা অ'ভেল, দর্শকৰ সামৰ্থ্য : ২৫,৫০০, মুঠ মেচ : ৫খন৷
(৬) চহৰ : লণ্ডন, খেলপথাৰ : লৰ্ডছ, দৰ্শকৰ সামৰ্থ্য : ২৮,০০০, মুঠ মেচ : ফাইনেলকে ধৰি ৫খন৷
(৭) চহৰ : মানচেষ্টাৰ, খেলপথাৰ : অ'ল্ড ট্ৰেফ'ৰ্ড, দৰ্শকৰ সামৰ্থ্য : ২৬,০০০, মুঠ মেচ : ছেমি ফাইনেলকে ধৰি ৬খন৷
(৮) চহৰ : নটিংহাম, খেলপথাৰ : ট্ৰেণ্ট ব্ৰিজ, দর্শকৰ সামৰ্থ্য : ১৭,৫০০, মুঠ মেচ : ৫খন৷
(৯) চহৰ : ছাউথ হেম্পটন, খেলপথাৰ : ৰ'জ বৌল, দৰ্শকৰ সামৰ্থ্য  :২৫,০০০, মুঠ মেচ : ৫খন৷
(১০) চহৰ : টণ্টন, খেলপথাৰ : কাউণ্ট্ৰী গ্ৰাউণ্ড, দৰ্শকৰ সামৰ্থ্য : ১২,৫০০, মুঠ মেচ : ৩খন৷

দলৰ সদস্য সংখ্যা : 
২০১৯ চনৰ ২৩ এপ্ৰিলৰ ভিতৰত বিশ্বকাপত অংশগ্ৰহণকাৰী দলসমূহে তেওঁলোকৰ সদস্যৰ তালিকা প্ৰেৰণ কৰে৷ উল্লেখ্য যে বিশ্বকাপত অংশগ্ৰহণকাৰী দলসমূহৰ প্ৰতিটো দলত ১৫জনকৈ সদস্যৰ সংখ্যা নিৰ্ধাৰণ কৰে আইচিচিয়ে৷ আনহাতে, যদি পূৰ্বে ঘোষিত সদস্যৰ তালিকাৰ পৰা কোনো সদস্য সলনি কৰিবলগা হয় তেনেহ'লে টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ এসপ্তাহ পূৰ্বে এই কাম কৰিব লাগিব৷ এইবাৰৰ বিশ্বকাপত সৰ্বপ্ৰথমে নিজৰ দল ঘোষণা কৰে নিউজীলেণ্ডে৷

আম্পায়াৰ আৰু মেচ ৰেফাৰীসকল :
এইবাৰৰ বিশ্বকাপ মেচসমূহত আম্পায়াৰিং কৰিবলগীয়া আম্পায়াৰসকলৰ নাম এপ্ৰিল মাহত প্ৰকাশ কৰা হয়৷ এই তালিকাত উল্লেখ থকা এগৰাকী আম্পায়াৰ ইয়ান গুলে চলিত বিশ্বকাপৰ পিছতেই আম্পায়াৰিঙৰ পৰা অৱসৰ গ্ৰহণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ আইচিচিৰ নিৰ্বাচিত আম্পায়াৰসকল হ'ল ক্ৰমে-
অষ্ট্ৰেলিয়া : ব্ৰুছ অক্সেনফ'ৰ্ড, প'ল ৰাফেল, ৰ'ড টাকাৰ, প'ল উইলছন৷ 
ইংলেণ্ড : মাইকেল গঘ, ইয়ান গুল, ৰিচাৰ্ড ইলিংৱৰ্থ, ৰিচাৰ্ড কেটেলবৰঘ, নাইগেল লং৷ 
নিউজীলেণ্ড : ক্ৰিছ জাফানী৷
পাকিস্তান : আলীম ডৰ৷ 
দঃ আফ্ৰিকা : মাৰিয়াছ এৰাছমাছ৷
শ্ৰীলংকা : কুমাৰ ধৰ্মসেনা, ৰুচিৰা পাল্লিয়াগুৰুগ৷
ৱেষ্ট ইণ্ডিজ : জোৱেল উইলছন৷
ভাৰত : সুন্দৰম ৰবি৷ 
আনহাতে, টুৰ্ণামেণ্টখনৰ বাবে ৬গৰাকী মেচ ৰেফাৰীৰ নামো ঘোষণা কৰা হৈছে৷ তেওঁলোক হ'ল- ক্ৰিছ ব্ৰ'ড (ইংলেণ্ড), ডেভিদ বুন (অষ্ট্ৰেলিয়া), জেফ ক্ৰ' (নিউজীলেণ্ড), ৰঞ্জন মডুগুলে (শ্ৰীলংকা), এণ্ডি পাইক্ৰ'ফ্‌ট (দঃআফ্ৰিকা) আৰু ৰিচি ৰিচাৰ্ডছন (বেষ্ট ইণ্ডিজ)৷ 

প্ৰাইজমানী : 
আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে ঘোষণা কৰা মতে, ২০১৯ৰ বিশ্বকাপ ক্ৰিকেটৰ সৰ্বমুঠ প্ৰাইজমানী হ'ল ১০ মিলিয়ন ডলাৰ৷ এই সংখ্যা বিগত বিশ্বকাপ অৰ্থাৎ ২০১৫ৰ সৈতে একে৷ দলসমূহৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি প্ৰাইজমানীৰ পৰিমাণসমূহ তলত দিয়া ধৰণৰ-
বিজয়ী : ৪০ লাখ ডলাৰ৷ 

ৰানাৰ্ছ-আপ : ২০ লাখ ডলাৰ৷
ছেমি ফাইনেলিষ্ট : ৮ লাখ ডলাৰকৈ ১৬ লাখ ডলাৰ৷
লীগ পৰ্যায়ত প্ৰতিটো বিজয়ী দল : ৪০ হাজাৰ ডলাৰকৈ ১৮ লাখ ডলাৰ৷
লীগ পৰ্যায়ৰ পৰা উন্নীত নোহোৱা দলসমূহ : ১ লাখ ডলাৰকৈ ৬ লাখ ডলাৰ৷

নক-আউট পৰ্যায় : 
৯ জুলাইত অ'ল্ড ট্ৰেফ'ৰ্ড, মানছেষ্টাৰত অনুষ্ঠিত হ'ব নক-আউট পৰ্যায়ৰ প্ৰথমখন অৰ্থাৎ প্ৰথম ছেমি ফাইনেল খেল৷ কোৱালিফায়াৰ ১ আৰু ৪ৰ মাজত অনুষ্ঠিত হ'ব এই খেলখন৷ আনহাতে, ১১ জুলাইত বাৰ্মিংহাৰ্মৰ এজবেষ্টনত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত অংশগ্ৰহণ কৰিব কোৱালিফায়াৰ ২ আৰু ৩য়ে৷ এই দুয়োখন খেলৰ বিজয়ী দল দুটাই অহা ১৪ জুলাইত লৰ্ডছত অনুষ্ঠিত হ'বলগীয়া ফাইনেলত অংশগ্ৰহণ কৰিব৷

Your Comments