ডায়েৰীয়া নিয়ন্ত্ৰণৰ বাবে পুঠিমাৰী নতুন প্ৰাথমিক চিকিৎসালয়ৰ সজাগতামূলক পদযাত্ৰা

udal

ওদালগুৰিৰ পৰা ৰিজুল হক 

 

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিকটৱৰ্তী পুঠিমাৰী নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শতাধিক আশাকৰ্মীৰ উপস্থিতিত ২৮ মে'ৰ পৰা ৯ জুনলৈ 'তীব্ৰ ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক-২০১৯' সজাগতামূলক পদযাত্ৰা কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ মাইকেল বাঘোৱাৰে পদযাত্ৰাৰ শুভাৰম্ভ কৰে।

udal2

চিকিৎসালয়খনৰ গাণনিক চফিকুল ইচলামৰ তত্বাৱধানত উলিওৱা পদযাত্ৰাত শিশুৰ ডায়েৰীয়া নিৰ্মূল কৰক,তীব্ৰ ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক সফল কৰক,ৰাইজ সজাগ হওক,সময়মতে টীকাকৰণ কৰাওক,অ'আৰএছ/জিংক পাবলৈ আশাকৰ্মীৰ সৈতে যোগাযোগ কৰক ইত্যাদি শ্লোগান দি সমদল কৰে।

Your Comments