সাংবাদিক ৰাজেন ডেকাৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ  নকৰাৰ প্ৰতিবাদত  মুকালমুৱাত গণ অৱস্থান 

mu

চেঙাৰ পৰা সুৰজিৎ পাঠক

 

মুকালমুৱাৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাক এদল দুৰ্বৃত্তই পৰিকল্পিতভাৱে হত্যাৰ অপচেষ্টা চলোৱাৰ এমাহ উকলি যােৱাৰ পিছতাে আক্রমণকাৰীক আজিলৈকে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম নােহােৱাত মঙলবাৰে
নলবাৰী জিলা সাংবাদিক সন্থা,নলবাৰী জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি,'আপকু'ৰ নলবাৰী জিলা সমিতি আৰু কেইবাটাও জাতীয় সংগঠনে মুকালমুৱাত এক গণ অৱস্থানৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

mu6

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ উপস্থিত থাকি অসম চৰকাৰ, আৰক্ষী প্ৰশাসন আৰু বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাক ক্ষুৰধাৰ সমালোচনা কৰে।পংকজ কুমাৰ নাথে বিধায়ক নাৰায়ণ ডেকাক সকিয়াই দি কয় যে বিধায়ক হোৱাৰ পূৰ্বে এগৰাকী ভূ-মাফিয়া বুলি পৰিচিত নাৰায়ণ ডেকাই এতিয়া সাংবাদিকৰ ওপৰত মাফিয়াগিৰি চলাই আছে ।নাৰায়ণ ডেকাৰ এই মাফিয়াগিৰি বন্ধ কৰিবলৈ সকিয়াই দি ৰাজেন ডেকাৰ আক্ৰমণকাৰীক আৰক্ষীক গতাই দিবলৈ আহ্বান জনায়।

mu7

উল্লেখ্য যে মুকালমুৱাৰ জ্যেষ্ঠ সাংবাদিক  ৰাজেন ডেকাৰ আক্ৰমণকাৰীক বিধায়ক নাৰায়ণ ডেকাই ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে।

Your Comments