![agni](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-28%20at%2011.23.46%20AM%20%281%29.jpeg?itok=j8IFfmB3)
লাহৰিঘাটৰ পৰা স্বামীমূল ইছলামৰ প্ৰতিবেদন :
মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাত অন্তৰ্গত বৰালীমাৰী বজাৰত যোৱা নিশা প্ৰায় ৯.৩০বজাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডটোত প্ৰায় দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হয়।অগ্নিকাণ্ডটোত প্ৰায় ৫০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱাৰ লগতে প্ৰায় ২৫ জনকৈ লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। স্হানীয় ৰাইজে জানিবলৈ দিয়া মতে বজাৰ খনত থকা ছাহাৰা কোম্পানীৰ কাৰ্য্যালয়টোত জ্বলোৱা ধূপকাঠিৰ পৰাই উক্ত অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে।
পৰৱৰ্তী সময়ত প্ৰায় শতাধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত থকা সমীপৰ আন এখন ব্যৱহায়িক প্ৰতিষ্ঠানলৈ জুই সম্প্ৰসাৰিত হয় আৰু উক্ত প্ৰতিষ্ঠানখনত থকা ৯টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈ নিমিষতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত ৰাইজৰ মাজত হুৱা-দুৱা লাগে । প্ৰায় তিনিশ মিটাৰ দূৰত্বত চিটিকি পৰে চিলিণ্ডাৰৰ অৱশিষ্ট অংশবোৰ। ঘটনাস্থলীত চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও বজাৰখনৰ মহলদাৰে অধিক মুনাফা পাবলৈ অতি ঠেকভাৱে বজাৰৰ গলিবোৰ নিৰ্মাণ কৰাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বজাৰখনত প্ৰৱেশ কৰিবলৈ অসুবিধাৰ সন্মুখীন হোৱাত পাম্পিং পদ্ধতি অৱলম্বন কৰি বহু সময়ৰ কষ্টৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে।
- Log in to post comments
- 5 views