নগাঁৱত বুজন পৰিমাণৰ নিছাযুক্ত ঔষধ জব্দ,মহিলা সহ দুজনক গ্ৰেপ্তাৰ

nagaon

 নগাঁও, ২৭ মে :

নগাঁও নগৰ আৰক্ষীয়ে যোৱা নিশা প্ৰায় ১০ বজাত অভিযান চলাই চহৰ খনৰ সমীপৰ কাৱৈমাৰিৰ পৰা বৃহৎ পৰিমানৰ নিচাযুক্ত ঔষধ জব্দ কৰাৰ লগতে এগৰাকী মহিলা সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পম খেদি কাৱৈমাৰি অঞ্চলত নিচাযুক্ত ঔষধৰ বিৰুদ্ধে অভিযান চলাই। অভিযানৰ সময়ত আৰক্ষীয়ে ৭০০ বটলৰো অধিক নিচাযুক্ত ঔষধৰ বটল জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে নিচাযুক্ত ঔষধৰ ব্যৱসায়ৰ লগত জড়িত ৰফিকুল হকৰ লগতে জহুৰা বেগম নামৰ এগৰাকী মহিলা  ব্যবসায়ীকো গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, জহুৰা বেগম নামৰ মহিলা গৰাকী দীৰ্ঘদিন ধৰি ড্ৰাগছ অবৈধ ব্যৱসায়ৰ লগত জড়িত আছিল। মধ্য অসমৰ গুৰুত্বপূৰ্ণ নগাঁও চহৰত দীৰ্ঘদিন ধৰি নিচাযুক্ত ঔষধ, হেৰ'ইন ,গাঞ্জা আদিৰ ৰমৰমীয়া ব্যৱসায় চলি আছে। একাংশ অসাধু ব্যৱসায়ীয়ে চহৰ খনৰ বিভিন্ন স্থানত বৰবিহ সদৃশ নিচাযুক্ত ঔষধ, হেৰ'ইন , গাঞ্জা আদি গোপনে মজুত ৰাখি ইয়াৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল ।তদুপৰি একাংশ ঔষধ বিক্ৰেতা প্ৰতিষ্ঠানে গোপনে নিচাযুক্ত ঔষধ মজুদ ৰাখি ব্যৱসায় চলাই থকাৰো অভিযোগ উঠিছে।গুৱাহাটী, মনিপুৰ, নাগালেণ্ড আদিৰ পৰা নৈশ বাছ, যাত্ৰীবাহী গাড়ী, ৰেল যোগে নিচাযুক্ত ঔষধ, ড্ৰাগছ গাঞ্জা আদিৰ সৰবৰাহ হৈ আছে।

আৰক্ষীয়ে আজি কিছুদিন ধৰি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমানৰ নিচাযুক্ত ঔষধ, হেৰ'ইন, গাঞ্জা আজি জব্দ কৰাৰ লগতে বহু কেইজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তৎস্বত্তেও নগাঁৱত নিচাযুক্ত ঔষধ আদিৰ ব্যৱসায় অব্যাহত আছে। নগাঁৱৰ সচেতন মহলে নিচাযুক্ত ঔষধ ব্যৱসায় সমুলঞ্চে উৎখাত কৰিবলৈ নগাঁও আৰক্ষী প্ৰশাসনক দাবী জনাইছে ।

Your Comments