বঙাইগাঁও মহাবিদ্যালয়ত ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ ভিতৰত প্ৰথমটো হস্ত তাঁত আৰু বস্ত্ৰ শিল্পৰ দক্ষতা বিকাশ কেন্দ্ৰ মুকলি 

bgn

বঙাইগাঁওঃ২৭ মেঃ

বঙাইগাঁও চহৰৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বঙাইগাঁও মহাবিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শিক্ষাৰ্থীৰ সহায়ৰ বাবে হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ এটি দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰা হয় ৷ ৰাজ্যখনৰ ভিতৰতে পোন প্ৰথম বাৰৰ বাবে বঙাইগাঁও মহাবিদ্যালয়ত স্থাপন কৰা এই দক্ষতা বিকাশ কেন্দ্ৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে হস্ত-তাঁত আৰু বস্ত্ৰ নিগমৰ ৰাজ্যিক সঞ্চালিকা কবিতা ডেকাই ৷ উল্লেখ্য ৰাজ্যখনৰ  বিভিন্ন স্থানত বিভিন্ন বিভাগৰ দ্বাৰা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও কোনো এখন মহাবিদ্যালয়ত হস্ত তাঁত আৰু বস্ত্ৰ শিল্পৰ দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হোৱা নাছিল ৷ বঙাইগাঁও মহাবিদ্যালয়ৰ উদ্যোগত আৰু ৰাজ্যিক হস্ত তাঁত আৰু বস্ত্ৰ নিগমৰ সহযোগত এই দক্ষতা বিকাশ কেন্দ্ৰটো মুকলি কৰা হয় ৷

ইপিনে দক্ষতা বিকাশ কেন্দ্ৰৰ শিক্ষানুষ্ঠান হিচাপে ৰাজ্যৰ ভিতৰত বঙাইগাঁও মহাবিদ্যালয়ত প্ৰথমটো কেন্দ্ৰ স্থাপন হোৱাত এই দিশত হস্ত- তাঁত আৰু বস্ত্ৰ নিগমে যিমানখিনি সহায় কৰিব লাগে সেয়া বিভাগটোৰ ফালৰ পৰা বিষয়াসকলৰ দ্বাৰা কৰ্মশালা অনুষ্ঠিত কৰি প্ৰশিক্ষণ প্ৰদান কৰিব বুলি বিভাগটোৰ সঞ্চালিকা কবিতা ডেকাই মত ব্যক্ত কৰে ৷ তেঁও কয় যে হস্ত- তাঁত এটা বিশেষ শিল্প ৷ গতিকে ইচ্ছুকসকলে ইয়াৰ জড়িয়তে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব বুলি উল্লেখ কৰি সঞ্চালিকা ডেকাই ৰাজ্যৰ অন্য মহাবিদ্যালয়তো এনে দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ পোষকতা কৰে ৷ উল্লেখ্য যে এই কেন্দ্ৰটিত সামাজিক কাম হিচাপে অবৈতনিকভাৱে প্ৰশিক্ষণ তথা অন্যান্য দিশত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বঙাইগাঁও শোধনাগাৰৰ অৱসৰ প্ৰাপ্ত মহা প্ৰৱন্ধক বি কে দাসে ৷ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, তেওঁ সামাজিক কাম হিচাপে কেন্দ্ৰটি গঢ়ি তোলাৰ বাবে ইয়াত সহায়তা কৰিব ৷bgn2

সম্প্ৰতি শিক্ষিত যুৱক- যুৱতী সকলে অধ্যয়নৰ লগতে এই শিল্প কৰ্মত জড়িত হৈ অভিজ্ঞতা লোৱাৰ লগতে ভৱিষ্যতে আৰ্থিক দিশত স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ'ব ৷ তেওঁ অন্যান্য কৌশল বিদ্যাৰ পোষকতা কৰি সদ্যহতে শিক্ষাৰ্থীৰ বাবে মুকলি কৰা দক্ষতা বিকাশ কেন্দ্ৰত পৰৱৰ্তী সময়ত অন্য যুৱক- যুৱতীক মনোনিৱেশ কৰাব বুলিও মত ব্যক্ত কৰে ৷ সেইদৰে বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিতেশ চন্দ্ৰ দাসে কয় যে বস্ত্ৰ আমাৰ অতিকৈ প্ৰয়োজন ৷ বস্ত্ৰ উৎপাদনৰ জৰিয়তে শিপিনীৰ লগতে অন্যান্য লোকো উপকৃত হ'ব পাৰে ৷ তেওঁ নিজে বস্ত্ৰৰ ওপৰত গৱেষণা কৰি পি এইচ ডি (ডক্টৰেট ডিগ্ৰী) লোৱা বুলি উল্লেখ কৰি মহাবিদ্যালয়খনত শিল্প উদ্যোগৰ দিশত প্ৰথম পৰ্যায়ত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ লগতে পৰৱৰ্তী সময়ত ওচৰ- পাজৰৰ যুৱক- যুৱতীকো প্ৰশিক্ষণ দি বৃত্তিমূলক শিক্ষা প্ৰদান কৰিব বুলি কয় ৷ অৱশ্যে কেন্দ্ৰত শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাটো বাঞ্চনীয় বুলি তেওঁ জানিবলৈ দিয়ে ৷

bgn3আনহাতে আজি মহাবিদ্যালয়খনত ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি নিৰ্মাণ কৰি উলিওৱা ডিজিটেল মাধ্যমত শিক্ষা প্ৰদান কেন্দ্ৰ এটিও মুকলি কৰা হয় ৷ কেন্দ্ৰটি মুকলি কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাহিত্য একাডেমী বঁটা প্ৰাপক ড° মংগলসিং হাজোৱাৰীয়ে ৷ একেদৰে নেচনেল চাৰ্ভিছ স্কীমৰ জৰিয়তে বিভিন্ন সংগীত ক'লা শিক্ষাৰ বাবে আন এটা মটিভেচন কেন্দ্ৰও মুকলি কৰা হয় ৷ এই কেন্দ্ৰটি মুকলি কৰে বঙাইগাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা উক্ত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গোপেশ্বৰ তালুকদাৰে ৷ পাছলৈ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰী আৰু বঙাইগাঁৱৰ বিশিষ্ট নাগৰিকৰ উপস্থিতিত কেন্দ্ৰসমূহ উদ্বোধন উপলক্ষেল এখন সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ হিতেশ চন্দ্ৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত 'সপ্তৰ্ষি ' নামৰ এখন অনুবাদ গ্ৰন্থ উন্মোচন কৰা হয় ৷bgn6

মহাবিদ্যালয়খনৰ প্ৰচাৰ বিভাগৰ দ্বাৰা প্ৰকাশ কৰা আৰু অধ্যাপক নূৰ জামালৰ সম্পাদনাত প্ৰকাশ পোৱা এই গ্ৰন্থখন উন্মোচন কৰে হস্ত তাঁত আৰু বস্ত্ৰ নিগমৰ সঞ্চলিকা কবিতা ডেকাই ৷ সভাত অধ্যাপক ড৹ তৰুণ কুমাৰ বাহাদুৰ , ড৹ প্ৰণৱ কুমাৰ ধৰ, ড৹ ভবানী প্ৰসাদ শৰ্মা , ড৹ মংগল সিং হাজোৱাৰীসহ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Your Comments