বঙাইগাঁৱৰ টেঙাইগাঁৱত সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ তৃতীয় বাৰ্ষিক স্মৃতি দিৱস উদযাপন

bgn

বঙাইগাঁওঃ ২৭ মেঃ

বঙাইগাঁও জিলা কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ যৌথ উদ্যোগত তথা চিৰাং জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সহযোগত আজি ( সোমবাৰে) বঙাইগাঁৱৰ টেঙাইগাঁও হাইস্কুল প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ তৃতীয় বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰা হয়  ৷ স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত বঙাইগাঁও জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ৰামেশ্বৰ চৌধুৰীয়ে কোচ ৰাজবংশী সাহিত্য সভাৰ আৰু কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সভাপতি সত্য নাৰায়ণ ৰায়ে সাংস্কৃতিক প্ৰকল্পৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিচতে সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় প্ৰয়াত ৰায়ৰ সহধৰ্মিণী ৰেৱতী বালা ৰায়ে ৷bgn2

আনহাতে দুপৰীয়াৰ ভাগত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়  ৷ এই কাৰ্যসূচীত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি শম্ভুচৰণ বৰ্মন, কোচ ৰাজবংশী সাহিত্য সভাৰ সাংগঠনিক সম্পাদক শৈলেন্দ্ৰ নাৰায়ণ চৌধুৰী, বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ, ডাংতল পঞ্চায়তৰ সভানেত্ৰী মহিলা সিংহ, বঙাইগাঁও জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উমেশ চৌধুৰী, টেঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপালী সিংহ আদিয়ে গছ পুলি ৰোপণ কৰে ৷ ইপিনে এই গছপুলি ৰোপণ কাৰ্যসূচীৰ পিচতে স্মৃতিচাৰণ সভা আৰু সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায় সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ অভ্যৰ্থনা সমিতিৰ সভাপতি বলেন সিংহৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত কোচ ৰাজবংশী সাহিত্য সভাৰ মুখ্য সম্পাদক কমল কুমাৰ বৰ্মন আৰু চেন্টাৰ ফৰ কোচ ৰাজবংশী ষ্টাডিজ এণ্ড ডেভেলপমেণ্টৰ পৰিচালন সঞ্চালক অৰূপজ্যোতি দাসে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷bgn3

কোচ ৰাজবংশী সাহিত্য সভাৰ মুখ্য সম্পাদকগৰাকীয়ে নিজৰ বক্তব্যত প্ৰয়াত অৰুণ কুমাৰ ৰায় এগৰাকী বহুমুখী প্ৰতিভাৰ বিৰল ব্যক্তিত্বৰ অধিকাৰী আছিল বুলি উল্লেখ কৰে ৷ লগতে তেওঁ কোচ ৰাজবংশী সাহিত্য সভা, জনগোষ্ঠীটোৰ সাহিত্য- সংস্কৃতি আদিলৈ আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি কোচ ৰাজবংশী সাহিত্য সভাক শক্তিশালী ৰূপত গঢ়ি তুলিবৰ বাবে জনগোষ্ঠীটোৰ লোকসকলক আগবাঢ়ি আহিবলৈকো আহ্বান জনায় ৷

আনহাতেচেন্টাৰ ফৰ কোচ ৰাজবংশী ষ্টাডিজ এণ্ড ডেভেলপমেণ্টৰ পৰিচালন সঞ্চালক অৰূপজ্যোতি দাসে নিজৰ বক্তব্যত কয় যে কোচ ৰাজবংশী সাহিত্য সভাক জনগোষ্ঠীটোৰ মাজলৈ আগবঢ়াই নিবলৈ হলে ইয়াক কেৱল ধুবুৰী জিলাতে সীমাবদ্ধ নাৰাখি বিভিন্ন জিলালৈকেও সম্প্ৰসাৰণ কৰিব লাগিব ৷ সভা - সমিতি অনুষ্ঠিত কৰিব লাগিব ৷ তেতিয়াহে কোচ ৰাজবংশী সাহিত্য সভা অধিক শক্তিশালী হ'ব ৷ তাৰোপৰি সংগঠন তথা অনুষ্ঠানৰ দায়িত্বত থকাসকলৰ মনটো পৰিস্কাৰ হ'ব লাগে ৷ তেতিয়াহে সাংগঠনটোক আগুৱাই নিব পাৰিব ৷ কাৰণ  আমাৰ ব্যক্তিগত মানসিকতা যেনে হ'ব, সাংগঠনিক মানসিকতাও তেনেকুৱাই হ'ব আৰু সাংগঠনিক মানসিকতা যেনেকুৱা হ'ব সমাজৰ মানসিকতাও তেনেই হ'ব ৷ আমাৰ ইতিহাস চালে দেখিব যে কেৱল নিজৰ মাজত কাজিয়া লগা ৷ ৰজা হোৱাৰ বাবে ভাই - ককাইৰ মাজত কাজিয়া, সংগঠনৰ মাজত ভাগ ৷ গতিকে এতিয়াৰ সমাজ নতুন সমাজ, প্ৰগতিশীল সমাজ  ৷ সেয়ে এইবোৰ বাদ দি কিছু এৰাধৰা কৰি আগুৱাই যাব লাগে বুলিও কয় ৷  অৰূপজ্যোতি দাসে আজিলৈকে কোচ ৰাজবংশী ভাষাটো ঠাই বিশেষে বেলেগ বেলেগ হোৱা কথাটো উনুকিয়াই দি এই ক্ষেত্ৰত সকলোৱে সমিল মিলৰ মাজেদি এটা উমৈহতীয়া সিদ্ধান্ত গ্ৰহণৰো পোষকতা কৰে ৷ কোচ ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক নিত্যানন্দ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা এই সভাতে সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায় সোঁৱৰণী বঁটাও প্ৰদান কৰা হয় ৷ bgn5

সাহিত্যৰত্নগৰাকীৰ স্মৃতি ৰক্ষাৰ্থে কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প আৰু কোচ ৰাজবংশী সাহিত্য সভাই প্ৰৱৰ্তন কৰা এই বঁটা এইবাৰ পোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমৰ কৃষ্ণ মোহন অধিকাৰীলৈ আগবঢ়োৱা হয় ৷ সমাজৰ প্ৰতি থকা দায়বদ্ধতা তথা কোচ ৰাজবংশী সমাজ আৰু সাহিত্য সভালৈ আগবঢ়োৱা অৱদানৰ বাবে অধিকাৰীলৈ এই বঁটা প্ৰদান কৰা হয় ৷ কৃষ্ণ মোহন অধিকাৰী কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ এই বঁটাত আছে এটি স্মাৰক, এখন মানপ্ৰত্ৰ, নগদ ধন আৰু কোচ ৰাজবংশী গামোছা ৷ উল্লেখ্য যে সভাত সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ  তৃতীয় বাৰ্ষিক স্মৃতি দিৱস উপলক্ষে উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা ' কমতা শিৰোমণি ' শীৰ্ষক স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হয় ৷ বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ ৰাণু ৰায়ে আঁত ধৰা এই অনুষ্ঠানত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে চিৰাং জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি তেজেন কুমাৰ বৰ্মনে ৷bgn6

আনহাতে অনুষ্ঠানত কোচ ৰাজবংশী ৰিজিঅ'নেল ৰিচাৰ্ছ ছ'চাইটিৰ দ্বাৰা প্ৰকাশিত 'আকুৰাছি' শীৰ্ষক কবিতাপুথিখন  উন্মোচন কৰে কোচ ৰাজবংশী সাহিত্য সভাৰ উপ সভাতি পুলক কুমাৰ চৌধুৰীয়ে ৷  ইয়াৰ পিচতে ' ৰাতিৰ মানষি' শীৰ্ষক ৰাজবংশী কাব্য উপন্যাসখন উন্মোচন কৰে বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহই ৷ সভাত বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ ৰাণু ৰায়, চাপৰৰ ৰত্নপীঠ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তৰণী কান্ত ৰায় আদিয়েও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে  ৷ সেইদৰে সভাত কোচ ৰাজবংশী সাহিত্য সভাৰ উপ সভাপতি পুলক কুমাৰ চৌধুৰী, অভয়েশ্বৰী উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰমলা ৰায় সৰকাৰ আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাস আদিয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷ বিয়লি ছাত্ৰ - ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷ সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয় ৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীত কোচ ৰাজবংশী সাহিত্য সভাৰ সম্পাদক নিত্যানন্দ বৰ্মন, অভ্যৰ্থনা সমিতিৰ উপদেষ্টা শৈলেন্দ্ৰ নাৰায়ণ চৌধুৰী, সম্পাদক বনমালী চৌধুৰী, কোচ ৰাজবংশী সাংস্কৃতিক প্ৰকল্পৰ সম্পাদিকা পূৰ্ণিমা চৌধুৰী ,বঙাইগাঁও লেখিকা সমাৰোহ সমিতিৰ সহকাৰী সম্পাদিকা শকুন্তলা চৌধুৰী, মঞ্জুপ্ৰভা বৰুৱা ডাকুৱা, বঙাইগাঁও জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সম্পাদক সুকমল ৰায় আদি উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে ৷

 

কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰো কমতা শিৰোমণি অৰুণ কুমাৰ ৰায়লৈ  শ্ৰদ্ধাঞ্জলি  জ্ঞাপন


ইপিনে কমতা শিৰোমণি অৰুণ কুমাৰ ৰায়ৰ তৃতীয় বাৰ্ষিক মৃত্যু দিৱসত  সদৌ অসম কোচ ৰাজবংশী যুব-ছাত্ৰ সন্মিলনীয়েও তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ এই উপলক্ষে সংগঠনটোৰ  বঙাইগাঁওস্থিত মুখ্য কায্যালয়ত আয়োজন কৰা অনুষ্ঠানত পুৱাৰ ভাগত প্ৰয়াত অৰুণ কুমাৰ ৰায়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে আৰু  প্ৰতিচ্ছত মাল্যাৰ্পণ কৰে বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ-সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত সিংহই ৷ ইয়াৰ পিছতে  দিনৰ ১২ বজাত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ সদৌ অসম কোচ ৰাজবংশী যুব ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰোলৈক্য ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃিতচাৰণ সভাত উপদেষ্টা ত্ৰিদীপ পতি সিংহকে ধৰি একাধিক বক্তাই বক্তব্য প্ৰদান কৰে৷

Your Comments