মাজুলীৰ সাংবাদিক ভাস্কৰ বৰাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান

assam talk

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

'আছাম টকছ' বাতৰি চেনেলৰ মাজুলীৰ সাংবাদিক ভাস্কৰ বৰালৈ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা শনিবাৰে প্ৰদান কৰে 'আছাম টকছ মেনেজমেণ্ট'-এ। উল্লেখ্য, বক্তিগত বৈদ্যুতিন সংবাদ মাধ্যম 'আছাম টকছৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত শনিবাৰে সন্ধিয়া অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংবাদিক ভাস্কৰ বৰালৈ বছৰটোৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰে  'আছাম টকছ'ৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ তালুকদাৰে। এই বঁটাত আছে এখন মানপত্ৰ, এটা ট্ৰফী,এখন জাপি আৰু এখন গামোচা আদি । একেটা অনুষ্ঠানত ফটো সাংবাদিক চক্ৰপাণি তামুলীকো শ্ৰেষ্ঠ ফটো সাংবাদিক বঁটা প্ৰদান কৰে ।


 শ্ৰেষ্ঠ সাংবাদিকতা বঁটাপ্ৰাপ্ত ভাস্কৰ বৰাই ২০১২ বৰ্ষত 'অাজিৰ অসম' কাকতৰ যোগে সাংবাদিকতাৰ জগতখনত প্ৰৱেশ কৰি ২০১৩ বৰ্ষৰ পৰা ২০১৫ বৰ্ষলৈকে 'নিয়মীয়া বাৰ্তা' কাকতত কমলাবাৰীৰ প্ৰতিবেদক হিচাপে কাম কৰাৰ পিছত ২০১৫ বৰ্ষৰ মে'ত অাছাম টকছ চেনেলৰ মাজুলীৰ সাংবাদিকৰ দায়িত্ব গ্ৰহণ কৰি মাজুলীৰ আৰ্থ- সামাজিক,শিক্ষা, উন্নয়ন, দুৰ্নীতি আদি বিষয়ত  বাতৰি পৰিৱেশনৰ জৰিয়তে জনসাধাৰণৰ মাজত জনমত সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এই বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে বক্তিগত চেনেলটোৰ বিভিন্ন বিষয়া,বিশিষ্ট নাগৰিক উপস্থিত থাকে ।


ইফালে, মাজুলীৰ এই দুয়োগৰাকী সংবাদকৰ্মীয়ে বঁটা লাভ কৰাৰ বাবে  মাজুলী জিলাৰ তথ্য অাৰু ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া ৰাজেন্দ্ৰ বৰুৱা, অাপকুৰ কেন্দ্ৰীয় সমিতি, অাপকু মাজুলী জিলা সমিতি, মাজুলী জিলা সাংবাদিক সন্থা, মাজুলী মহকুমা ছাত্ৰ সন্থা, অাক্ৰাছু মাজুলী জিলা সমিতি, টিএমপিকে মাজুলী জিলা সমিতি,মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া অাদিকে ধৰি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে অভিনন্দন জনাইছে ।

Your Comments