নগাঁৱত দুটা চিলনী চোৰ গ্ৰেপ্তাৰ

tt

নগাঁও চহৰত সঘনাই সংঘটিত হৈ থকা চিলনী চোৰৰ ঘটনাৰ লগত জড়িত দুটা অভিযুক্তক নগাঁও নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে চিলনী চোৰৰ সময়ত দুস্কৃতিকাৰীয়ে ব্যৱহাৰ  কৰা এ এছ - ০২এফ ৭৬১৭ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কেইদিমানৰ পূৰ্বে নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ ইউকো বেংকৰ ওচৰৰ পৰা মৰিকলঙৰ লাৰু গোপাল শৰ্মা নামৰ লোকজনৰ পৰা ৫ লাখ টকা কাঢ়ি নিছিল। এই ৫ লাখ টকা কাঢ়ি নিয়াৰ সময়ত ব্যৱহাৰ কৰা উল্লিখিত নম্বৰৰ বাইকখন জব্দ কৰাৰ লগতে আৰক্ষীয়ে আজি অভিযান চলাই দুটা চিলনী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

rr

ইয়াৰে এটা নগাঁও চহৰৰ সমীপৰ হুজ টানপাৰাৰ বিপুল আনচাৰী আৰু আনটো ৰূপহীৰ জিয়াবুৰ ৰহমান। আৰক্ষীয়ে ইতিমধ্যে চিলনী চোৰৰ ঘটনাৰ লগত জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।ধৃত চিলনী চোৰকেইটাই নগাঁও চহৰত সংঘটিত হোৱা কেইবাটাও ধন কাঢ়ি নিয়া, মহিলাৰ চেইন কাঢ়ি নিয়া ঘটনাৰ লগত জড়িত থকাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে।

Your Comments