শ্যামৰায় নাট্যগোষ্ঠীৰ প্ৰযোজক সুভাষ তালুকদাৰলৈ 'ঐক্যতান' বঁটা প্ৰদান   

44

বৰভাগৰ পৰা সঞ্জয় দাস                                                                         

 

নলবাৰী নাট্য মন্দিৰত 'সদৌ অসম সাহিত্য সন্মিলন'-এ নলবাৰী জিলাৰ বৰভাগৰ সুযোগ্য সন্তান তথা শ্যামৰায় নাট্যগোষ্ঠীৰ প্ৰযোজক মাননীয় সুভাষ তালুকদাৰক ২০১৯ বৰ্ষৰ  'ঐক্যতান' বঁটা প্ৰদান কৰে।তালুকদাৰে কেইবাবছৰ ধৰি একেৰাহে 'শ্যামৰায় নাট্যগোষ্ঠী' প্ৰযোজনা কৰি অহাৰ বাবে তথা নিবনুৱা যুৱক-যুৱতীক কিছু পৰিমানে আৰ্থিক সকাহ দিবলৈ সক্ষম হোৱা বাবে এই বঁটা প্ৰদান কৰে।                                                                           

 

উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ড° বসন্ত কুমাৰ ভট্টাচাৰ্য,কৃষি বিপননৰ অধ্যক্ষ মনোজ বৰুৱা,ভ্ৰাম্যমান অভিনেতা ভৱেশ বৰুৱা,বিশিষ্ট চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা,অভিনেতা জয়ন্ত ভাগৱতী।

Your Comments