প্ৰাক্তন সাংসদ মণি কুমাৰ চুব্বাৰ মৃত্যুত শোক প্ৰকাশ বিশ্বনাথ জিলা আগছুৰ

99

গহপুৰৰ পৰা মাধৱ শৰ্মা

 

তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ,নাওবৈচা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম গোর্খা সন্মিলনৰ প্ৰাক্তন সভাপতি মণি কুমাৰ চুব্বাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে বিশ্বনাথ জিলা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই।

 

বিশ্বনাথ জিলা 'আগছু'ৰ সভাপতি দিলীপ গজুৰেল আৰু সম্পাদক ঘনলাল বিশ্বকৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা অৱগত কৰে।

Your Comments