![bgn](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-26%20at%208.39.39%20PM%20%281%29.jpeg?itok=B2I3qsrs)
বঙাইগাঁওঃ
বঙাইগাঁৱৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবাৰো নিজৰ সুনাম আৰু গৰিমা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে ৷ শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বিজ্ঞান শাখাত চৰকাৰী বিদ্যালয়খনৰ এশ শতাংশ ছাত্ৰ - ছাত্ৰী উত্তীৰ্ণ হৈছে ৷ বিদ্যালয়খনে ধাৰাবাহিকভাৱে একেৰাহে তৃতীয়বাৰৰ বাবে শিক্ষাৰ্থী উত্তীৰ্ণৰ ক্ষেত্ৰত এশ শতাংশ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে বৃত্তিমূলক শাখাতো বিদ্যালয়খনে এশ শতাংশ সফলতা লাভ কৰিছে ৷ উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত মুঠ ৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হয় ৷ ইয়াৰ ভিতৰত ২৩ গৰাকী প্ৰথম বিভাগত, ২০ গৰাকী দ্বিতীয় বিভাগত আৰু এগৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷
উত্তীৰ্ণসকলৰ ভিতৰত চাৰিগৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰে ৷ সেইদৰে বিভিন্ন বিষয়ত ৩১ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰে ৷ ইয়াৰ ভিতৰত ৫ গৰাকীয়ে ইংৰাজীত, ৮ গৰাকীয়ে অসমীয়াত, ২ গৰাকীয়ে বিকল্প ইংৰাজীত, ২ গৰাকীয়ে পদাৰ্থ বিজ্ঞানত, ৫ গৰাকীয়ে ৰসায়ন বিজ্ঞানত আৰু ৯ গৰাকীয়ে জীৱ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰ লাভ কৰে ৷ আনহাতে বৃত্তিমূলক শাখাত অৱতীৰ্ণ হোৱা ১২ গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় ৷ এইসকলৰ দুগৰাকীয়ে প্ৰথম বিভাগত আৰু দহগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৷
উল্লেখ্য যে বিগত ২০১৭ বৰ্ষত বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত মুঠ ৪৭ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈছিল ৷ সেইবাৰ প্ৰথম বিভাগত ২২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল ৷ ইয়াৰ পিচৰ বৰ্ষত অৰ্থাৎ ২০১৮ বৰ্ষত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪৩ গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল ২৩ গৰাকী ৷ ইয়াৰ পূৰ্বেও ২০১৫ বৰ্ষত বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪২ গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল ২৭ গৰাকী পৰীক্ষাৰ্থী ৷
ফলাফলৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে আধিপত্য বিস্তাৰ কৰি অহাৰ সময়তে বঙাইগাঁৱৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনে উল্লেখনীয় ফলাফলে শিক্ষানুষ্ঠানখনৰ শিক্ষক - শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰী, অভিভাৱক তথা বৌদ্ধিক মহলক আনন্দিত কৰি তুলিছে ৷
- Log in to post comments
- 10 views