নিউজ ডেস্ক :
সমুদ্ৰ পথেৰে ভাৰতলৈ আহিছে ১৫ জনকৈ ইছলামিক সন্ত্ৰাসবাদী।শ্ৰীলংকাৰ পৰা নাওঁৱেৰে অহা আইএছআইএছৰ সন্ত্ৰাসবাদী কেইটাই সমুদ্ৰপথেৰে আহি কেৰেলাৰে প্ৰৱেশ কৰিব পাৰে ভাৰতত।চোৰাংচোৱাই এই গুৰুত্বপূৰ্ণ সতৰ্কবাণী প্ৰেৰণ কৰিছে কেৰেলা প্ৰশাসনলৈ। চোৰাংচোৱাৰ এই খবৰৰ পাছতে এতিয়া নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে কেৰেলা প্ৰশাসনে। ৰাজ্যখনৰ সমুদ্ৰ তীৰত জাৰি কৰা হৈছে হাইএলাৰ্ট ।সমুদ্ৰ তীৰত মোতায়ন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী। সন্দেহ জনক ব্যক্তিৰ গতি-বিধি সূক্ষ্ম ভাবে লক্ষ্যত ৰাখিছে।
আনহাতে চোৰাংচোৱাৰ পৰা এই খবৰ লাভ কৰাৰ পাছতেই কেৰেলা প্ৰশাসনে উল্লেখ কৰিছে" এনেধৰণৰ খবৰ আমি বহু সময়ত পাই থাকোঁ।কিন্তু এইবাৰ নিৰ্দিষ্টকৈ জনাই দিয়া হৈছে সন্ত্ৰাসবাদীৰ সংখ্যা ।যাৰ বাবে আমি অধিক কটকটীয়া নিৰাপত্তা গঢ়ি তুলিব লগা হৈছে।
- Log in to post comments
- 3 views