জল্পনা-কল্পনাৰ অৱসান:অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্যসভাৰ এখন আসনত প্ৰতিদ্বন্দিতা কৰিব

biren

নিউজ ডেস্ক :

অৱশেষত নিশ্চিত হ'ল অহা ৯জুনত খালি হ'ব লগা ৰাজ্যসভাৰ অসমৰ আসন দুখনৰ এখন অগপই লাভ কৰাটো। যোৱা তিনিদিন ধৰি দিল্লীত বিজেপিৰ শীর্ষ নেতৃত্বৰে আলোচনাৰ অন্তত অহা ৯জুনত খালি হ'ব লগা  ৰাজ্যসভাৰ দুখন আসনৰ দ্বিতীয় আসনখন লাভ কৰিব অগপই। উল্লেখ্য যে অগপই লাভ কৰা আসনখনত অগপ প্ৰাৰ্থী হিচাপে ৰাজ্যসভালৈ প্ৰক্ষেপ কৰা হ'ব দলটোৰ শীর্ষ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক।এই কথা নতুন দিল্লীত অগপ শীর্ষ নেতৃত্বই নিশ্চিত কৰিছে।


আনহাতে ৰাজ্যসভাৰ অন্যখন আসনৰ বাবে বিজেপি প্ৰাৰ্থী কোন হ'ব সেই কথা এতিয়ালৈকে দলটোৱে আনুষ্ঠানিক ভাৱে ঘোষণা কৰা নাই।উল্লেখ্য যে বিজেপিয়ে অসমৰ এখন আসনৰ পৰা ৰামবিলাস পাঁচোৱানক ৰাজ্যসভালৈ নিৰ্বাচন কৰিব ওলাইছিল যদিও শেষ মুহূৰ্তত অগপক এখন আসন এৰি দিব লগা হোৱাত কৰ্তন কৰা হৈছে ৰামবিলাস পাঁচোৱানৰ নাম। ইফালে আনখন আসনৰ বাবে বিজেপি এজন নেতাই এতিয়া প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱাটো নিশ্চিত।

গুৰুত্বপূৰ্ণ কথা এই যে বিজেপিৰ এক শীর্ষ সূত্ৰৰ খবৰ অনুসৰি নেদাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যসভালৈ নিৰ্বাচন কৰি কেন্দ্ৰীয় কেবিনেটত এক দায়িত্ব দিয়াৰ বাবে চিন্তা কৰাৰ কথাও এতিয়া চৰ্চাৰ শীৰ্ষত আছে। আনহাতে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই,ৰমেন ডেকাৰ দৰে নেতাসকলেও উক্ত আসন খনৰ পৰা নিৰ্বাচিত হোৱাৰ অংকত এতিয়া ব্যস্ত হৈ থকা বুলিও দলীয় এক সূত্ৰই প্ৰকাশ কৰিছে।

Your Comments