নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন,২৬ মেঃ
নলবাৰী জিলাৰ বৰকুৰিহাত বিজেপি দলৰ মহিলা মৰ্চাৰ দ্বাৰা এক ব্যতিক্ৰমী ধৰণেৰেৰে বহাগী উৎসৱ উদযাপন কৰা হয় ।ৰাতিপুৱা ৭বজাত চাফাই অভিযান,৮বজাত পতাকা উওোলন,৯বজাত খেল-ধেমালী প্ৰতিযোগিতা,১০বজাত চিএাংকন প্ৰতিযোগিতা,১১বজাত ভেষচন প্ৰতিযোগিতা,দিনৰ ১বজাত লাৰু-পিঠা বনোৱা প্ৰতিয়োগিতা,
অাবেলি ৩বজাত বোৱাৰী অাৰু ছোৱালীৰ মাজত ফেশ্চন শ্ব' প্ৰতিযোগিতা,আবেলি ৫ বজাত বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান,সন্ধিয়া ৬বজাত বন্তি প্ৰজ্বালন, সন্ধিয়া ৭বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।উল্লেখ্য যে উক্ত বহাগী উৎসৱ অনুষ্ঠানটোৰ সকলো কাম কাজ এশ শতাংশই মহিলা পৰিচালনা কৰা পৰিলক্ষিত হয়। ইফালে লক্ষণীয় ভাবে অনুষ্ঠানটোত অংশগ্ৰহন কৰা সকলো প্ৰতিযোগীয়েই মহিলা।বৰকুৰিহা মহিলা মৰ্চাই মহিলাৰ দ্বাৰা এই অনুষ্ঠান পৰিচালনা কৰি নাৰী সাৱলীকৰণৰ এক উৎকৃষ্ঠ নিদৰ্শন দাঙি ধৰে । ইফালে উক্ত ব'হাগী উৎসৱত শিশু শিল্পী প্ৰিয়াস্কী কাশ্যপে গীত গাই দৰ্শকৰ দৃষ্টি অাকৰ্ষণ কৰাৰ লগতে ফেশ্চন শ্ব' প্ৰতিযোগীতাত প্ৰথম পুৰস্কাৰ লাভ কৰে ডলী মেধিয়ে ।
- Log in to post comments
- 14 views